আলীগড়ৰ আঢ়ৈ বছৰীয়া কন্যা হত্যা ঘটনাত সৰব বলিউডৰ তাৰকা

News18-Assam
Updated:June 8, 2019, 5:21 PM IST
আলীগড়ৰ আঢ়ৈ বছৰীয়া কন্যা হত্যা ঘটনাত সৰব বলিউডৰ তাৰকা
অভিনেত্ৰী ছানী লিয়নী আৰু অভিনেতা অভিষেক বচ্চনৰ লগতে বলীউডৰ বহুকেইগৰাকী তাৰকাই প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া

অভিনেত্ৰী ছানী লিয়নী আৰু অভিনেতা অভিষেক বচ্চনৰ লগতে বলীউডৰ বহুকেইগৰাকী তাৰকাই প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া

  • Share this:
উত্তৰ প্ৰদেশৰ আলীগড় শিশু হত্যাৰ ঘটনাই এতিয়া সমগ্ৰ দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুজনক গ্ৰেপ্তাৰ কৰাৰ পিছতেই এতিয়া উদঘাটন হৈছে নতুন নতুন তথ্য। শিশুটিৰ পিতৃয়ে ধাৰে লোৱা টকা উভতাই দিব নোৱাৰৰ বাবেই সংঘটিত হ’ল এক জঘন্য হত্যাকাণ্ড।জানিব পৰা মতে, শিশুটিৰ পিতৃয়ে এজন ব্যক্তিৰ পৰা ১০ হাজাৰ টকা ধাৰলৈ লৈছিল। কিন্তু নিৰ্দিষ্ট সময়ত ধনখিনি উভতাই দিব নোৱাৰাৰ বাবে লোকজনে যোৱা ৩১ মে’ত টকা ধাৰে লোৱা লোকজনৰ আঢ়ৈ বছৰীয়া শিশুটিক অপহৰণ কৰি হত্যা কৰে!। জাৱৰৰ দমৰ মাজত উদ্ধাৰ হয় আঢ়ৈ বছৰীয়া কন্যা শিশুটিৰ মৃতদেহ।

ঘটনা সন্দৰ্ভত এতিয়া বলিউডতো চলিছে চৰ্চা। বহু অভিনেতা অভিনেত্ৰীয়ে একেমুখে ধিক্কাৰ দিলে এনে পাশৱিক কাণ্ডক। দাবী কৰিছে অপৰাধীক কঠোৰ শাস্তি প্ৰদানৰ।



অভিনেত্ৰী ছানী লিয়নীয়ে ঘটনা সন্দৰ্ভত কণমানিজনীক ঘটনাৰ বাবে ক্ষমা খোজাৰ লগতে সমাজত চলি থকা এনে ঘৃণনীয় কাণ্ডৰ বাবে নিজকে নিজেই দোষাৰূপ কৰি ‘I am sorry’ লিখিছে নিজৰ টুইটাৰত।

অভিনেত্ৰী সুনম কাপুৰেও ঘটনাক তীব্ৰ ভাৱে নিন্দা কৰিছে।


অভিনেতা অভিষেক বচ্চনে এনেধৰণৰ কাণ্ড সংঘটিত কৰাৰ কথা কিদৰে ভাবিব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰে। লগতে ঘটনাত জড়িতসকলক দৃষ্টান্তমূলক শাস্তিৰ পোষকতা কৰে।



অভিনেতা ৰিতেশ দেশমুখ, আয়ুষ্মান খুৰানা, অনুপম খেৰ, অৰ্জুন কাপুৰৰ লগতে আৰু বহুকেইজন অভিনেতা–অভিনেত্ৰীয়ে ঘটনা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি