কিয় মনে মনে পাকিস্তান পালেগৈ সত্ৰুঘ্ন সিনহা? ছচিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’

News18 Assam | News18-Assam
Updated:February 21, 2020, 2:45 PM IST
কিয় মনে মনে পাকিস্তান পালেগৈ সত্ৰুঘ্ন সিনহা? ছচিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’
পাকিস্তানৰ এজন ফটোগ্ৰাফাৰে ছচিয়েল মিডিয়াত আপলোড কৰে ভিডিঅ’

পাকিস্তানৰ এজন ফটোগ্ৰাফাৰে ছচিয়েল মিডিয়াত আপলোড কৰে ভিডিঅ’

  • Share this:
বলীউডৰ জনপ্ৰিয় অভিনেতা তথা লোকসভাৰ প্ৰাক্তন সাংসদ সত্ৰুঘ্ন সিনহা আকৌ চৰ্চালৈ আহিছে। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এক বিশেষ ভিডিঅ’।

হঠাৎ পাকিস্তানলৈ কিয় গৈছে অভিনেতাজন? ভাৰতৰ সৈতে দেশখনৰ সম্পৰ্ক দিনে দিনে অৱনমিত হৈছে। পাকিস্তানৰ সৈতে ভাৰতৰ এনে তিক্ততাপূৰ্ণ সম্পৰ্কৰ সময়তে সত্ৰুঘ্ন সিনহা পাকিস্তানলৈ যোৱাতো সহজ ভাবে ল’ব পৰা নাই একাংশই।

ছচিয়েল মিডিয়াত সত্ৰুঘ্ন সিনহাৰ ফটো শ্বেয়াৰ কৰি ফটোগ্ৰাফাৰ জনে লিখিছে যে, লাহোৰত এখন বিবাহ অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত আছিল সত্ৰুঘ্ন সিনহা।

বিশেষ সুত্ৰৰ পৰা পোৱা খবৰ অনুসৰি, পাকিস্তান যাত্ৰাৰ সময়তে সত্ৰুঘ্ন সিনহাই দেশখনৰ কেইগৰাকীমান ৰাজনীতিবিদক সাক্ষাৎ কৰাৰো সম্ভাৱনা আছে।


আৰু চাওক
পৰৱৰ্তী বাতৰি