• Home
  • »
  • News
  • »
  • nation
  • »
  • অসমৰ বানাক্ৰান্তক সহায়ৰ আহ্বান বলীউদৰ অভিনেতা জন আব্ৰাহাম আৰু বৰুণ ধৱনৰ

অসমৰ বানাক্ৰান্তক সহায়ৰ আহ্বান বলীউদৰ অভিনেতা জন আব্ৰাহাম আৰু বৰুণ ধৱনৰ

অভিনেতা জন আব্ৰাহাম আৰু বৰুণ ধৱনে বানপীড়িতসকলক সহায়ৰ কৰাৰ বাবে ছচিয়েল মিডিয়াযোগে আহ্বান জনাইছে।

অভিনেতা জন আব্ৰাহাম আৰু বৰুণ ধৱনে বানপীড়িতসকলক সহায়ৰ কৰাৰ বাবে ছচিয়েল মিডিয়াযোগে আহ্বান জনাইছে।

অভিনেতা জন আব্ৰাহাম আৰু বৰুণ ধৱনে বানপীড়িতসকলক সহায়ৰ কৰাৰ বাবে ছচিয়েল মিডিয়াযোগে আহ্বান জনাইছে।

  • Share this:
কোৰোণা মহামাৰীৰ মাজতে অসমত এতিয়া বানৰ সংহাৰ। উজনিৰ পৰা নামনিলৈ সকলোতে এতিয়া বানৰ বিভীষিকা। আপোন ঘৰখন এৰি মথাউৰি–ওখ স্থানত আশ্ৰয় ল’বলগীয়া হৈছে লাখ লাখ বানাক্ৰান্তই। খাদ্য–বাসস্থানৰ সংকটত ভুগিছে বানপীড়িত লোকসকল। চৰকাৰে পাৰ্যমানে সাহায্য আগবঢ়াইছে যদিও ঠায়ে ঠায়ে বহু বানাক্ৰান্তই কোনো সাহায্য নোপোৱাৰো অভিযোগ উঠিছে।

ইয়াৰ মাজতে বলীউদৰ দুই জনপ্ৰিয় অভিনেতাই অসমৰ বানাক্ৰান্তক সহায় কৰাৰ বাবে আহ্বান জনাইছে। অভিনেতা জন আব্ৰাহাম আৰু বৰুণ ধৱনে বানপীড়িতসকলক সহায়ৰ কৰাৰ বাবে ছচিয়েল মিডিয়াযোগে আহ্বান জনাইছে।

জন আব্ৰাহামে টুইটাৰযোগে বানবিধ্বস্ত অসমৰ কেইখনমান ফটো শ্বেয়াৰ কৰি লিখিছে – ‘অসমক সহায়ৰ প্ৰয়োজন, সোনকাল কৰক।’ জনে অসম চৰকাৰৰ ৰিলিফ ফাণ্ডৰ লিংক শ্বেয়াৰ কৰি সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে।



আনহাতে, বৰুণ ধৱনেও অসমৰ বানাক্ৰান্তৰ বাবে নিজৰ ইনষ্টা ষ্টৰীত আহ্বান জনাইছে। বৰুণেও অসমৰ বানৰ এখন ফটো শ্বেয়াৰ কৰাৰ লগতে সাহায্য পুঁজিৰ লিংক শ্বেয়াৰ কৰি সকলোকে সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে।
Published by:Sanjay Kumar Das
First published: