হিংসা বিয়পাইছে কংগনা ৰাণাৱটে! অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ টুইটাৰৰ

ছচিয়েল মিডিয়াত ইটোৰ পিছত সিটো টুইট কৰি হিংসা বিয়পোৱাৰ অভিযোগ জনপ্ৰিয় তথা বিতৰ্কিত অভিনেত্ৰী কংগনা ৰাণাৱটৰ বিৰুদ্ধে।
ছচিয়েল মিডিয়াত ইটোৰ পিছত সিটো টুইট কৰি হিংসা বিয়পোৱাৰ অভিযোগ জনপ্ৰিয় তথা বিতৰ্কিত অভিনেত্ৰী কংগনা ৰাণাৱটৰ বিৰুদ্ধে।
- News18 Assam
- Last Updated: January 20, 2021, 5:22 PM IST
কংগনাই এটা টুইটত তাণ্ডৱ চিৰিজৰ নিৰ্মাতাক উদ্দেশ্য কৰি লিখিছে- 'কাৰণ ভগৱান কৃষ্ণয়ো শিশুপালৰ ৯৯টা ভুল ক্ষমতা কৰি দিছিল। প্ৰথমে শান্তি তাৰ পিছত বিপ্লৱ। সেইসকলক মূৰ কাটি পেলোৱাৰ সময় আহিছে। জয় শ্ৰীকৃষ্ণ।' এই টুইটৰ পিছতে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে অভিনেত্ৰীগৰাকী। তাণ্ডৱৰ অভিনেতা তথা সম্পূৰ্ণ টীমে কংগনাৰ বিৰুদ্ধে হিংসাত উচতনি দিয়াৰ অভিযোগ উত্থাপিত কৰিছে। পিছত কংগনাই ডিলিট কৰি দিয়ে এই টুইট।
এই মন্তব্যৰ পিছতে অভিনেত্ৰীগৰাকীৰ টুইটাৰ একাউণ্টৰ ওপৰত বিশেষ নজৰ ৰখাৰ লগতে কিছু বিষয় নিয়ন্ত্ৰণ কৰা হ'ব বুলি জনাইছে টুইটাৰ কৰ্তৃপক্ষই। কাৰণ এই মন্তব্যৰ পিছতে বহুতে কংগনাৰ একাউণ্টক ৰিপৰ্ট কৰিছিল বহুতে। ইয়াৰ ফলত টুইটাৰৰ লিবাৰেল গোষ্ঠীক আক্ৰমণ কৰে অভিনেত্ৰীগৰাকীয়ে।