News18 AssamNews18 Assam
|
News18-Assam Updated:May 17, 2020, 12:42 AM IST
অভিযোগমতে দিল্লীত থাকিও পৰিয়ালে সময়ত নাপালে শইকীয়াৰ মৃত্যুৰ খবৰ।
অভিযোগমতে দিল্লীত থাকিও পৰিয়ালে সময়ত নাপালে শইকীয়াৰ মৃত্যুৰ খবৰ।
দিল্লীত গৈ কোৰোণাত আক্ৰান্ত হোৱা বোকাখাতৰ অজিত শইকীয়াৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু। পত্নীৰ কৰ্কট ৰোগীৰ চিকিৎসা কৰিবলৈ গৈ দিল্লীত কোৰোণাত আক্ৰান্ত হৈছিল অজিত শইকীয়া, পত্নী বন্তি শইকীয়া আৰু আন এজন যুৱক কংকনজ্যোতি বৰা। পত্নী আৰু যুৱকজন সুস্থ হৈ উঠাৰ বিপৰীতে অজিত শইকীয়াই কোৰোণাত বিৰুদ্ধে যুঁজত হাৰ মানে। তাৎপৰ্যপূৰ্ণ যে কোৰোণাত আক্ৰান্ত হোৱাৰ পিছত প্ৰথমে তেওঁক ৰাজীৱ গান্ধী চুপাৰস্পেচিলিটি হস্পিতালত ভৰ্তি কৰোৱা হৈছিল। ২ মে’ত প্লাজমা থেৰাপীৰ বাবে লোকনায়ক হস্পিতাললৈ স্থানান্তৰ কৰা হৈছিল শইকীয়াক। কিন্তু ৫ দিন পূৰ্বে মৃত্যু হয় শইকীয়াৰ। অভিযোগমতে, দিল্লী চৰকাৰ আৰু অসম চৰকাৰৰ মাজৰ সমন্বয়হীনতাৰ বাবে ৫ দিনে মৰ্গতে পৰি ৰয় অজিত শইকীয়াৰ মৃতদেহ।
দিল্লীৰ অসম এছ’চিয়েচনৰ কৰ্মকতাই জনায় শইকীয়াৰ ৫ দিনৰ পূৰ্বে মৃত্যু হোৱাৰ খবৰ।
গুৰুতৰ অভিযোগমতে, পৰিয়ালৰ লোক দিল্লীত থকাৰ পিছতো তেওঁলোকক শইকীয়াৰ মৃত্যুৰ কোনো কোনো খবৰ দিয়া হোৱা নাছিল।