• Home
  • »
  • News
  • »
  • nation
  • »
  • বিজেপি বিধায়কৰ ওলমি থকা মৃতদেহ উদ্ধাৰ, হত্যাৰ অভিযোগ পৰিয়াল আৰু পাৰ্টীৰ

বিজেপি বিধায়কৰ ওলমি থকা মৃতদেহ উদ্ধাৰ, হত্যাৰ অভিযোগ পৰিয়াল আৰু পাৰ্টীৰ

এই ঘটনাৰ চিবিআই তদন্ত দাবী কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষে।

এই ঘটনাৰ চিবিআই তদন্ত দাবী কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষে।

এই ঘটনাৰ চিবিআই তদন্ত দাবী কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষে।

  • Share this:
পশ্চিম বংগৰ হেমতাবাদৰ বিজেপি বিধায়ক দেৱেন্দ্ৰনাথ ৰায়ৰ অস্বাভাৱিক মৃত্যুক লৈ পশ্চিমবংগৰ ৰাজনীতি উত্তাল। বিধায়কজনৰ ঘৰৰ পৰা এক কিলোমিটাৰ দূৰৈত এখন বন্ধ দোকানৰ বাৰাণ্ডাত তেওঁৰ ওলমি থকা মৃতদেহ উদ্ধাৰ হয়। মৃত বিধায়কজনৰ পৰিয়ালৰ অভিযোগ বিজেপি বিধায়কজনক হত্যা কৰি মৃতদেহ ওলমাই দিয়া হৈছে। পৰিয়ালৰ দাবী দেওবাৰে নিশা ঘৰৰ পৰা তেওঁক মটৰবাইকত অহা কেইজনমান লোকে মাতি লৈ যায়। ইয়াৰ পিছতে পুৱা তেওঁৰ মৃতদেহ উদ্ধাৰ হয়।

এই ঘটনাৰ চিবিআই তদন্ত দাবী কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষে। বিজেপি নেতা ৰাহুল সিনহাইও এই ঘটনাৰ চিবিআই তদন্ত বিচাৰিছে। পোণপটীয়াকৈ তৃণমূল কংগ্ৰেছৰ প্ৰতি অভিযোগৰ আঙুলি তুলিছে বিজেপিয়ে।

বিধায়কজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে উত্তেজিত লোকসকল সমবেত হৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এই ঘটনাৰ প্ৰতিবাদত মঙলবাৰে উত্তৰ দিনাজপুৰত ১২ঘণ্টীয়া স্থানীয় বন্ধৰো আহ্বান কৰা হৈছে। 
First published: