Delhi Triple Suicide: আৰক্ষীয়ে জনোৱা মতে গেছ চিলিণ্ডাৰ (Gas Cylinder)টো খোলা আছিল আৰু ভিতৰৰ কোঠাত তিনিওটা মৃতদেহ পৰি আছিল। আৰক্ষীৰ মতে শ্বাসৰুদ্ধ হৈ তিওগৰাকীৰ মৃত্যু হৈছে।
ৰাজধানী দিল্লী (Delhi)ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ত্ৰিপল ছুইচাইডৰ ঘটনা। দিল্লীৰ বসন্ত বিহাৰ (Vasant Vihar)ৰ বসন্ত এপাৰ্টমেণ্টত ৫০ বছৰীয়া এগৰাকী মহিলাই তেওঁৰ দুই কন্যাসহ আত্মহত্যা কৰাৰ ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে। তাতোকৈ শিহৰণকাৰী আছিল মৃতদেহৰ কাষত উদ্ধাৰ হোৱা ছুইচাইড নোট।
শনিবাৰে নিশা আৰক্ষীয়ে খবৰ লাভ কৰা অনুসৰি বসন্ত এপাৰ্টমেণ্টৰ ২০৭ নম্বৰ ঘৰটো ভিতৰৰ পৰা তলামমৰা আছিল আৰু বহু সময় ধৰি মাতি থকা সত্বেও ভিতৰৰ পৰা কোনো সহাৰি দিয়া নাছিল। আৰক্ষীয়ে অৱশেষত দুৱাৰ ভাঙি ভিতৰত প্ৰবেশ কৰে আৰু মৃতদেহবোৰ উদ্ধাৰ কৰে। মৃতদেহৰ কাষতে পোৱা গৈছিল ছুইচাইড নোট।
ছুইচাইড নোটত লিখা আছিল, "এই ঘৰটোত সোমোৱা লোকে ভুলতো যাতে মেচ কাঠি এটাও নজ্বলায়, অন্যথা গোটেই ঘৰত জুই লাগিব।"
আৰক্ষীয়ে জনোৱা মতে গেছ চিলিণ্ডাৰ (Gas Cylinder)টো খোলা আছিল আৰু ভিতৰৰ কোঠাত তিনিওটা মৃতদেহ পৰি আছিল। আৰক্ষীৰ মতে শ্বাসৰুদ্ধ হৈ তিওগৰাকীৰ মৃত্যু হৈছে। ৫০ বছৰীয়া মহিলাগৰাকীৰ লগতে দুই কন্যা ক্ৰমে অংশিকা আৰু অংকুৰ মৃতদেহ উদ্ধাৰ হৈছে। মহিলাগৰাকীৰ স্বামীৰ যোৱা বছৰ এপ্ৰিল মাহত কোৰোণা ভাইৰাছত মৃত্যু হৈছিল আৰু তেতিয়াৰ পৰা পৰিয়ালটো হতাশ হৈ পৰিছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|