ছানী দেউলৰ সংগ এৰিছে নেকি ববী দেউলে !

লোকসভা নিৰ্বাচনৰ পঞ্জাৱৰ গুৰদ্বাসপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী অভিনেতা ছানী দেউলৰ প্ৰচাৰ সভাত নাই ববী দেউল ! নিজ ভাতৃৰ সহায় অবিহনেই ছানী দেউলে চলাইছে নিৰ্বাচনী প্ৰচাৰ !

news18assam
Updated:May 17, 2019, 7:06 AM IST
ছানী দেউলৰ সংগ এৰিছে নেকি ববী দেউলে !
লোকসভা নিৰ্বাচনৰ পঞ্জাৱৰ গুৰদ্বাসপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী অভিনেতা ছানী দেউলৰ প্ৰচাৰ সভাত নাই ববী দেউল ! নিজ ভাতৃৰ সহায় অবিহনেই ছানী দেউলে চলাইছে নিৰ্বাচনী প্ৰচাৰ !
news18assam
Updated: May 17, 2019, 7:06 AM IST
বলিউডৰ অভিনেতা তথা দুই ভাতৃ ছানী দেউল আৰু ববী দেউলক বিভিন্ন অনুষ্ঠানত প্ৰায় একেলগেই দেখা যায় । সেইদৰে দুই ভাতৃৰ মাজত থকা মিলাপ্ৰীতিও বলিউডৰ এক চৰ্চিত বিষয় । কিন্তু  চলিত লোকসভা নিৰ্বাচনৰ পঞ্জাৱৰ গুৰদ্বাসপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী অভিনেতা ছানী দেউলৰ প্ৰচাৰ সভাত নাই ববী দেউল ! নিজ ভাতৃৰ সহায় অবিহনেই ছানী দেউলে চলাইছে নিৰ্বাচনী প্ৰচাৰ ! যাকলৈ এতিয়া বিভিন্ন মহলত চলিছে ব্যাপক চৰ্চা । তাৰ মাজতেই এই বিষয়ত মুখ খোলিছে অভিনেতাৰ পৰা নেতা হোৱা ছানী দেউলে ।



এক আছুতীয়া সাক্ষ্যাৎকাৰত ছানী দেউলে কয় যে– ববী দেউল যিদৰে ছানীৰ বাবে অতি মূল্যবান, থিক সেইদৰে ববী দেউলেও ছানী দেউলক যথেষ্ট সন্মান কৰি চলে । দুয়োৰে মাজৰ সম্পৰ্ক অতি মধুৰ । দুয়োৰে মাজত সংঘাত কেতিয়াও আহিব নোৱাৰে । পিছত অভিনেতা ববী দেউলৈও এই বিষয়ত নিজৰ মন্তব্য আগবঢ়াই । দেউলৰ মন্তব্য অনুসৰি তেওঁ নিজৰ ব্যক্তিগত কামত ব্যস্ত হৈ থকাৰ বাবেহে ছানী দেউলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব পৰা নাই। উল্লেখযোগ্য যে বিগত বহুকেইদিন ধৰি ছানী দেউলে নিজৰ প্ৰচাৰ কাৰ্য তীব্ৰতৰ কৰি তুলিছে । ছানীৰ পিতৃ অভিনেতা ধৰ্মেন্দ্ৰইও ছানীৰ হৈ চলাইছে প্ৰচাৰ, কিন্তু ববী দেউল আৰু হেমা মালিনীয়ে ভাগ লৱা নাই ছানী দেউলৰ এখনো নিৰ্বাচনী সভাত ।

সংবাদমাধ্যমত বিষয়টোৱে চৰ্চা লাভ কৰা পিছতেই ছানী দেউলৰ এখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি নিজৰ ককায়েকৰ বাবে ভোট ভিক্ষা কৰে অভিনেতা ববী দেউলে ।
আৰু চাওক পৰৱৰ্তী বাতৰি