পশ্চিম বংগৰ মহানন্দা নদীত নাও দুৰ্ঘটনা, ৫জনৰ মৃতদেহ উদ্ধাৰ, সন্ধানহীন ৪০

অত্যধিক যাত্ৰী কঢ়িয়াই নিয়াৰ ফলতে এই নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

News18-Assam
Updated:October 4, 2019, 7:24 AM IST
পশ্চিম বংগৰ মহানন্দা নদীত নাও দুৰ্ঘটনা, ৫জনৰ মৃতদেহ উদ্ধাৰ, সন্ধানহীন ৪০
অত্যধিক যাত্ৰী কঢ়িয়াই নিয়াৰ ফলতে এই নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
News18-Assam
Updated: October 4, 2019, 7:24 AM IST
পশ্চিম বংগৰ মালদা জিলাৰ ইটহাৰী থানাৰ অন্তৰ্গত মহানন্দা নদীত বৃহস্পতিবাৰে সংঘটিত হয় এক নাও দুৰ্ঘটনা। ৪০জন যাত্ৰীসহ পশ্চিম বংগৰ পৰা বিহাৰলৈ আহি থকা অৱস্থাতে মহানন্দা নদীত ডুব যায় নাওখন। এইপৰ্যন্ত ৫জন যাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু ৪০জন সন্ধানহীন হৈ থকাৰ খবৰ লাভ কৰা হৈছে। নিখোজ লোকসকলৰ সন্ধানত NDRF বাহিনীয়ে অব্যাহত ৰাখিছে অভিযান।

অত্যধিক যাত্ৰী কঢ়িয়াই নিয়াৰ ফলতে এই নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। স্থানীয় লোকে জনোৱা অনুসৰি ৬০জন যাত্ৰীৰ উপৰি নাওখনত আছিল কেইবাখনো মটৰ চাইকেল। গৈ থকাৰ সময়তে ডমডোলিয়া আৰু ৱাজিদপুৰৰ মাজত দুৰ্ঘটনাত পতিত হয় নাওখন। মৃত আৰু সন্ধানহীনসকলৰ ভিতৰত অধিকসংখ্যক লোকেই পশ্চিম বংগৰ বুলি জানিব পৰা গৈছে।

 


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি