মহাৰাষ্ট্ৰত শোকাৱহ নাও দূৰ্ঘটনা, ১৪ গৰাকী যাত্ৰীয়ে সাবটিলে কৰুণ মৃত্যুক

মহাৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলত হৈ থকা মুখলধাৰ বৰষুণৰ ফলত বানপানীয়ে ধাৰণ কৰিছে তীব্ৰ ৰূপ

News18-Assam
Updated:August 8, 2019, 3:42 PM IST
মহাৰাষ্ট্ৰত শোকাৱহ নাও দূৰ্ঘটনা, ১৪ গৰাকী যাত্ৰীয়ে সাবটিলে কৰুণ মৃত্যুক
মহাৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলত হৈ থকা মুখলধাৰ বৰষুণৰ ফলত বানপানীয়ে ধাৰণ কৰিছে তীব্ৰ ৰূপ
News18-Assam
Updated: August 8, 2019, 3:42 PM IST
বহুদিন ধৰি মহাৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলত হৈ থকা মুখলধাৰ বৰষুণৰ ফলত বানপানীয়ে তীব্ৰ ৰূপ ধাৰণ কৰিছে। বৃহস্পতিবাৰে বানপানীৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে একাংশ লোকে নাৱেৰে সুৰক্ষিত স্থানলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এক শোকাৱহ দূৰ্ঘটনা। চলন্ত অৱস্থাত থকা এখন নাও ওফনতী নদীত ডুব যোৱাৰ ফলত নাও খনত থকা ১৪ গৰাকী যাত্ৰীয়ে কৰুণ ভাবে মৃত্যুক সাবটি ল’বলগীয়া হয়। আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি নাওখনত আছিল ৩০ ৰ পৰা ৩৫ গৰাকী যাত্ৰী।

ইতিমধ্যে প্ৰশাসনৰ তৎপৰতাত ৯ টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। মৃতদেহ উদ্ধাৰৰ বাবে বৰ্তমানেও চলাই থকা হৈছে অভিযান।

আৰু চাওক পৰৱৰ্তী বাতৰি