উত্তৰ প্ৰদেশ (Uttar Pradesh)ৰ বুলন্দ চহৰৰ দুই পৰিয়ালৰ মাজৰ সংঘাতত এতিয়ালৈকে ৭জনৰ মৃত্যু হৈছে। ঘটনা সংঘটিত হৈছে বুলন্দ চহৰৰ ককোড়ৱালী থানাৰ অন্তৰ্গত ধনোৰা গাঁৱত। খবৰ অনুসৰি, ২০২০ চনত সেই গাঁৱৰ ধৰ্মপাল সিংহৰ পিতৃ কালীচৰণক গুলীয়াই হত্যা কৰা হয়। ইয়াৰ পিছৰ পৰাই উত্তৰ প্ৰদেশ আৰক্ষীয়ে পৰিয়ালটোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰে। কিন্তু দেওবাৰে সংঘটিত প্ৰচণ্ড গুলীয়াগুলীত আৰু এক দুৰ্ঘটনা সংঘটিত হ'ল।
উল্লেখযোগ্য যে ধনোৰা গাঁৱত পুৰণি ঘৰুৱা সংঘাতৰ ফলস্বৰূপে এটা পৰিয়ালৰ চাৰিজন লোকৰ ওপৰত চলিল গুলী। এই কাণ্ডত চাৰিজন সদস্য গুৰুতৰভাৱে আহত হয় আৰু চাৰিওজনকে গ্ৰেটাৰ নয়দাৰ কৈলাশ হাস্পতালত ভৰ্তি কৰোৱা হয়। পৰিয়ালটোৰ নিৰাপত্তাৰ বাবে কৰ্তব্যৰত আৰক্ষীও আহত হয় এই ঘটনাত। এই ঘটনাত আহত ধৰ্মপাল সিংহৰ অৱস্থা সংকটজনক। তেওঁৰ ৩২ বছৰীয়া পুত্ৰৰ ইতিমধ্যে মৃত্যু হৈছে।
ঘটনাৰ বিৱৰণী মতে, খেতিপথাৰৰ পৰা নিজৰ গাড়ীৰে ঘৰলৈ আহি আছিল পৰিয়ালটো। ধৰ্মপাল সিংহ, তেওঁৰ পত্নী আৰু দুই পুত্ৰ সহিতে এজন আৰক্ষী আছিল গাড়ীত। সেই সময়তে বাইকত অহা অজ্ঞাত বন্দুকধাৰীয়ে গাড়ীৰ ওপৰত গুলীচালনা কৰে। ঘটনাত আটাইকেইজন আহত হয়। ঘটনা সংক্ৰান্তত বুলন্দ চহৰৰ SSPয়ে কয় যে পাৰিবাৰিক সংঘাতৰ ফলস্বৰূপে এই ঘটনা সংঘটিত হৈছে। ইতিমধ্যে আৰক্ষী দল গঠন কৰি দুৰ্বৃত্তৰ অনুসন্ধান অব্যাহত আছে।
আৰক্ষীৰ মতে, ২০০৫ চনৰ পৰা ধৰ্মপাল আৰু অমিতৰ পৰিয়ালৰ মাজত পুৰণি শত্ৰুতা চলি আহিছে। ধৰ্মপালৰ মাতৃ আৰু চাকৰৰ হত্যা সন্দৰ্ভত অমিতৰ পিতৃ আৰু খুৰাকৰ শাস্তি হৈছিল, দুয়ো এতিয়া আগ্ৰা জে’লত আছে। তাৰ পিছতেই হত্যা হয় অমিতৰ মাক আৰু মামাকৰ, তাৰ অভিযোগ ধৰ্মপাল আৰু সঞ্জীৱ প্ৰধানৰ ওপৰত আহে।
যোৱাবছৰ আকৌ সঞ্জীৱ প্ৰধানক অমিতে নিজৰ সতীৰ্থসকলৰ সৈতে মিলি গুলীয়াই হত্যা কৰে। সম্প্ৰতি অমিত জে’লত আছে। এনেদৰেই এই পাৰিবাৰিক শত্ৰুতাত এতিয়ালৈকে মৃত্যু হৈছে ৭জনৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|