নৰেন্দ্ৰ মোদী কেবিনেটৰ গুৰু দায়িত্ব চম্ভালিব অমিত শ্বাহে!

অমিত শ্বাহৰ পিছত ৰাষ্ট্ৰীয় অধ্যক্ষৰ দায়িত্ব ল’ব পাৰে জে পি নড্ডাই।

news18
Updated:May 30, 2019, 6:36 PM IST
নৰেন্দ্ৰ মোদী কেবিনেটৰ গুৰু দায়িত্ব চম্ভালিব অমিত শ্বাহে!
অমিত শ্বাহৰ পিছত ৰাষ্ট্ৰীয় অধ্যক্ষৰ দায়িত্ব ল’ব পাৰে জে পি নড্ডাই।
news18
Updated: May 30, 2019, 6:36 PM IST
বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে এইবাৰ সাধাৰণ নিৰ্বাচনত দলক একক সংখ্যাগৰিষ্ঠতা প্ৰদান কৰোৱাই নহয় এনডিএক প্ৰৱল বহুমত প্ৰদান কৰোৱাৰ ক্ষেত্ৰত গুৰু দায়িত্ব পালন কৰিছিল। এইবাৰ নৰেন্দ্ৰ মোদীৰ কেবিনেটত অমিত শ্বাহ অন্তৰ্ভুক্ত হোৱাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে তেওঁলৈ অভিনন্দনৰ সোঁত বৈছে। অমিত শ্বাহক কেবিনেটৰ অতি গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে। এতিয়ালৈকে অৱশ্যে নিৰ্ধাৰণ হোৱা নাই কোন বিভাগৰ দায়িত্ব প্ৰদান কৰা হ’ব শ্বাহক।

গুজৰাটৰ বিজেপিৰ অধ্যক্ষই অমিত শ্বাহক অভিনন্দন জ্ঞাপন কৰি টুইট কৰিছে

টুইটাৰত অমিত শ্বাহক অভিনন্দন জ্ঞাপন কৰি বিজেপিৰ অধ্যক্ষ জিতু বাঘানীয়ে অমিত শ্বাহলৈ লিখে শুভেচ্ছাবাৰ্তা। তেওঁ লিখিছে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলত শক্তিশালী সহযোগী ৰূপত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে আমাৰ পথ প্ৰদৰ্শক অমিত শ্বাহক শুভকামনা। 

১৪বছৰ বয়সত সংঘত অন্তৰ্ভুক্ত হৈছিল

বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে ১৪বছৰ বয়সতে আৰএছএছত অন্তৰ্ভুক্ত হৈছিল। তেওঁ আৰম্ভনিতে গান্ধীনগৰৰ এক সৰু চহৰ মনসাৰ পৰা নিজৰ যাত্ৰা আৰম্ভ কৰে। সেই সময়ত তেওঁ তৰুণ সেৱকৰূপে কাৰ্যভাৰ লৈছিল। ইয়াৰ পিছত অমিত শ্বাহে আহমেদাবাদাৰ এখন কলেজত অধ্যয়ন কৰাৰ সময়ত এবিভিপিৰ সদস্যপদ গ্ৰহণ কৰে। ইয়াৰ পিছত তেওঁ আৰু পিছলৈ মুৰ কৰি চাবলগীয়া নহয়। ১৯৯৭চনত অমিত শ্বাহে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে। বৰ্তমান বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰ দায়িত্বত আছে অমিত শ্বাহ।

অমিত শ্বাহৰ পিছত নতুন অধ্যক্ষৰূপে দায়িত্ব ল’ব পাৰে জেপি নড্ডাই।
আৰু চাওক পৰৱৰ্তী বাতৰি