গুলীকাণ্ডৰ পিছত তেজেৰে তুমৰলি ছাত্ৰই ৩খন বেৰিকেড বগাই যাবলগীয়া হ’ল হাস্পতাল! নিৰ্বিকাৰ আৰক্ষী

News18 Assam | News18-Assam
Updated:January 30, 2020, 7:03 PM IST
গুলীকাণ্ডৰ পিছত তেজেৰে তুমৰলি ছাত্ৰই ৩খন বেৰিকেড বগাই যাবলগীয়া হ’ল হাস্পতাল! নিৰ্বিকাৰ আৰক্ষী
News18ৰ আগত বহুকেইজন শিক্ষাৰ্থীয়ে কয় যে, আৰক্ষীক বাৰে বাৰে বেৰিকেড আঁতৰোৱাৰ অনুৰোধ কৰাৰ পিছতো আৰক্ষীয়ে অকণমানো গুৰুত্ব নিদিলে। 

News18ৰ আগত বহুকেইজন শিক্ষাৰ্থীয়ে কয় যে, আৰক্ষীক বাৰে বাৰে বেৰিকেড আঁতৰোৱাৰ অনুৰোধ কৰাৰ পিছতো আৰক্ষীয়ে অকণমানো গুৰুত্ব নিদিলে। 

  • Share this:
উন্মাদ আক্ৰমণকাৰীৰ গুলীচালনাত আহত জামিয়া মিলিয়া ইছলামিয়াৰ এজন ছাত্ৰই হাস্পতাললৈ যাবলৈ তিনিখন বেৰিকেড বগাই পাৰ হোৱাৰ দৃশ্যই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। কা আৰু এনআৰচি বিৰোধী প্ৰতিবাদৰ মাজত সোঁ–পন্থী উগ্ৰপন্থীয়ে গুলীচালনা কৰাৰ পিছতে শ্বাদাব ফাৰুক নামৰ ছাত্ৰজন আহত হৈছিল। আহত শ্বাদাবে ৰক্তাক্ত হাত লৈ তিনিখন বেৰিকেড বগাই হাস্পতাললৈ যাবলগীয়া হয়। আৰক্ষীয়ে নিৰ্বিকাৰ হৈ চাই ৰোৱা ঘটনাই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জামিয়াৰ গণসংযোগৰ ছাত্ৰ শ্বাদাব ফাৰুকে আঘাতৰ চিকিৎসা কৰাবলৈ হাস্পতাললৈ যাবলৈ বাট বিচাৰোতে আৰক্ষীয়ে অস্বীকাৰ কৰে আৰু ছাত্ৰজনে এখন নহয় দুখন নহয় তিনিখনকৈ বেৰিকেডৰ ওপৰেৰে চুঁচৰি পাৰ হ’বলগীয়া হয়।

২৫বছৰীয়া ফাৰুকক গুলীওৱা নাবালকজনে গুলীওৱাৰ সময়ত তেওঁলোকে যন্তৰ–মন্তৰলৈ ‘কা’ আৰু এনআৰচিৰ বিৰুদ্ধে এক প্ৰতিবাদী পদযাত্ৰাত অংশ লৈ আছিল। News18ৰ  আগত বহুকেইজন শিক্ষাৰ্থীয়ে কয় যে, আৰক্ষীক বাৰে বাৰে বেৰিকেড আঁতৰোৱাৰ অনুৰোধ কৰাৰ পিছতো আৰক্ষীয়ে অকণমানো গুৰুত্ব নিদিলে। বেয়াকৈ ৰক্তক্ষৰণ হোৱা ছাত্ৰজনে বহু কষ্টেৰে বেৰিকেড বগাই হাস্পতাললৈ যায়।

অসংবেদনশীলতাৰ চূড়ান্ত পৰিচয় দিয়া আৰক্ষীক ধিক্কাৰ দিছে সকলো পক্ষই। ছাত্ৰজনক AIIMSৰ ট্ৰ’মা চেণ্টাৰত ভৰ্তি কৰোৱা হয় পিছত। বৰ্তমান ছাত্ৰজন সংকটমুক্ত বুলি জনোৱা হৈছে।

সংবাদমাধ্যমত প্ৰকাশ পোৱা অনুসৰি শ্বাদাবে উন্মাদ আক্ৰমণকাৰীজনক শান্ত কৰিবলৈ লওঁতে তেওঁলৈ গুলীচালনা কৰে আক্ৰমণকাৰীয়ে। আক্ৰমণকাৰী নাবালকজনে ফেচবুকত নিজৰ প্ৰফাইলত এলানী পোষ্ট দি হাতত উদ্যত বন্দুক লৈ জামিয়াত উপস্থিত হৈছিল। ‘য়ে ল’ আজাদী, জয় শ্ৰী ৰাম’ আদি শ্ল’গান দি প্ৰতিবাদকাৰীলৈ গুলী চলাইছিল আক্ৰমণকাৰীয়ে।



Published by: Tulika Devi
First published: January 30, 2020, 7:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading