পঞ্জাৱত নগৰ কীৰ্তনত বিস্ফোৰণ, SSPৰ স্পষ্টীকৰণ, ১৫জন নহয় ২জন লোকৰহে মৃত্যু

News18 Assam | News18-Assam
Updated:February 8, 2020, 8:46 PM IST
পঞ্জাৱত নগৰ কীৰ্তনত বিস্ফোৰণ, SSPৰ স্পষ্টীকৰণ, ১৫জন নহয় ২জন লোকৰহে মৃত্যু
বাবা দীপ সিঙৰ জন্ম দিৱসৰ দিনা চলি থকা ধৰ্মীয় কাৰ্যসূচীৰ মাজতে বিস্ফোৰণ।

বাবা দীপ সিঙৰ জন্ম দিৱসৰ দিনা চলি থকা ধৰ্মীয় কাৰ্যসূচীৰ মাজতে বিস্ফোৰণ।

  • Share this:
পঞ্জাৱত সংঘটিত এক বিস্ফোৰণৰ ঘটনা। টৰণ টাৰণত বাবা দীপ সিঙৰ জন্ম দিৱসৰ দিনা চলি থকা ধৰ্মীয় কাৰ্যসূচীৰ মাজতে হয় বোমা বিস্ফোৰণ। বিস্ফোৰণত ২জন লোক নিহত হোৱাৰ শেহতীয়া তথ্য প্ৰকাশ আৰক্ষীৰ। আনহাতে বহুলোক আহত হৈছে এই বিস্ফোৰণত। ইয়াৰ পূৰ্বে আৰক্ষীয়ে ১৪ৰ পৰা ১৫জন লোক নিহত হোৱাৰ তথ্য দিছিল। ইয়াৰ পিছত SSP ধ্ৰুৱ দহিয়াই নিজৰ প্ৰাৰম্ভিক বিবৃতিক লৈ স্পষ্টীকৰণ দি কৈছে যে স্থানীয় লোকে দিয়া তথ্য অনুসৰিহে আৰক্ষীয়ে ১৪–১৫জন লোক বিস্ফোৰণৰ কৱলত পৰাৰ তথ্য প্ৰকাশ কৰিছিল।বৰ্তমান ১৫–১৬জন লোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে দুজনৰ মৃত্যু নিশ্চিত হৈছে। ৯জনৰ অৱস্থা অত্যন্ত সংকটজনক। আৰক্ষীয়ে বৰ্তমান তদন্ত কৰি আছে যে আতচবাজীৰ সৈতে ট্ৰেক্টৰ ট্ৰলীত পটেছিয়াম কি কাৰণে লৈ যোৱা হৈছিল। ফটকা ভৰ্তি ট্ৰলীখন বিস্ফোৰণৰ ফলত এই ঘটনা সংঘটিত হয়।

আৰু চাওক
পৰৱৰ্তী বাতৰি