• Home
  • »
  • News
  • »
  • nation
  • »
  • উদ্বেগজনক! কোৰোণাত আক্ৰান্ত নোহোৱা লোকৰ দেহতো ধৰা পৰিছে Black Fungus

উদ্বেগজনক! কোৰোণাত আক্ৰান্ত নোহোৱা লোকৰ দেহতো ধৰা পৰিছে Black Fungus

পঞ্জাৱত ব্লেক ফাংগাছৰ ১৫৮ৰো অধিক ঘটনা পোহৰলৈ আহিছে । আৰু ইয়াৰ ভিতৰত ৩২গৰাকী এনে ৰোগী আছে, যি কেতিয়াও কোৰোণাত আক্ৰান্ত হোৱা নাই।

পঞ্জাৱত ব্লেক ফাংগাছৰ ১৫৮ৰো অধিক ঘটনা পোহৰলৈ আহিছে । আৰু ইয়াৰ ভিতৰত ৩২গৰাকী এনে ৰোগী আছে, যি কেতিয়াও কোৰোণাত আক্ৰান্ত হোৱা নাই।

পঞ্জাৱত ব্লেক ফাংগাছৰ ১৫৮ৰো অধিক ঘটনা পোহৰলৈ আহিছে । আৰু ইয়াৰ ভিতৰত ৩২গৰাকী এনে ৰোগী আছে, যি কেতিয়াও কোৰোণাত আক্ৰান্ত হোৱা নাই।

  • Share this:
কোৰোণা সংহাৰৰ সমান্তৰালকৈ ক্ৰমাগতভাৱে দেশত এতিয়া প্ৰতিদিনে বৃদ্ধি পাবলৈ লৈছে ব্লেক ফাংগাছ আৰু হোৱাইট ফাংগাছৰ ত্ৰাস। প্ৰথম অৱস্থাত কেৱল কোৰোণা আক্ৰান্তৰ লগতে অধিক মাত্ৰাত ষ্টেৰইড ব্যৱহাৰ কৰা ৰোগীসকলৰ মাজতহে ব্লেক ফাংগাছ সংক্ৰমণৰ আশংকা কৰা হৈছে। কিন্তু পঞ্জাৱত ইয়াৰ বিপৰীতে কেইবাটাও এনে ঘটনা পোহৰলৈ আহিছে, য'ত ৰোগীসকল কেতিয়াও কোভিডত আক্ৰান্ত হোৱা নাছিল যদিও ব্লেক ফাংগাছত আক্ৰান্ত হৈছে।

এতিয়ালৈকে পঞ্জাৱত মিউকোমাইকোচিছ অর্থাৎ ব্লেক ফাংগাছৰ ১৫৮ৰো অধিক ঘটনা পোহৰলৈ আহিছে। আৰু ইয়াৰ ভিতৰত ৩২গৰাকী এনে ৰোগী আছে, যি কেতিয়াও কোৰোণাত আক্ৰান্ত হোৱা নাই। এই ঘটনাৰ পিছতে চিকিৎসকসকলৰ পৰ্যালোচনাত পোহৰলৈ আহিছে যে, ব্লেক ফাংগাছত আক্ৰান্ত হোৱা সেই ৩২গৰাকী ৰোগী কোৰোণাত আক্ৰান্ত নহ'ব পাৰে, কিন্তু পূৰ্বৰ কোনো ৰোগত তেওঁলোকক ষ্টেৰইড দিয়া হৈছিল । যাৰ বাবে এই লোকসকলৰ মাজত ব্লেক ফাংগাছৰ সংক্ৰমণ দ্ৰুতগতিত বিয়পিবলৈ লৈছে ।

চিকিৎসকসকলে জনাই যে, কোৰোণাৰ সময়ত এই ৰোগৰ ঘটনা বৃদ্ধি পাইছে, সেয়েহে মানুহে ইয়াৰ বিষয়ে অৱগত হৈছে । ১৮৫৫ চনত প্ৰথমবাৰৰ বাবে ই পোহৰলৈ আহিছিল, তেতিয়া ইয়াক গিগোমাইকোচিছ বুলি কোৱা হৈছিল। একেদৰে ২০০৪ চনত ছুনামি আৰু ২০১১ চনত এক ভয়ংকৰ ঘূৰ্ণীবতাহৰ পিছতো ব্লেক ফাংগাছৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছিল।

পঞ্জাৱৰ নোডেল বিষয়া ডাঃ গগনদীপ সিঙৰ মতে, দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা এগৰাকী ব্যক্তিৰ এই ৰোগ হোৱাৰ আশংকা আছে। তেওঁ কয় যে, সময় মতে চিনাক্ত কৰিলে ইয়াৰ চিকিৎসা কৰিব পাৰি। এই ৰোগ সংক্ৰমিত নহয়, সেয়েহে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। যিকোনো ৰোগৰ সময়ত অত্যাধিক ষ্টেৰইড দিয়া যিকোনো ব্যক্তিৰ ক্ষেত্ৰতে বৰ্তমান এই ৰোগৰ আশংকা অধিক ।
Published by:Himangshu Bhuyan
First published: