• Home
  • »
  • News
  • »
  • nation
  • »
  • কিয় ভাৰতত হঠাৎ বৃদ্ধি পাইছে Black Fungusৰ সংহাৰ ? জানি লওক সবিশেষ ...

কিয় ভাৰতত হঠাৎ বৃদ্ধি পাইছে Black Fungusৰ সংহাৰ ? জানি লওক সবিশেষ ...

ব্লেক ফাংগাছৰ সৈতেও একেটা ভুলৰ পুনৰাবৃত্তি, নাটনি হৈছে ভেঁকুৰ-প্ৰতিৰোধী ঔষধ এম্ফোটেৰিচিন বি(amphotericin B) ঔষধৰ ।

ব্লেক ফাংগাছৰ সৈতেও একেটা ভুলৰ পুনৰাবৃত্তি, নাটনি হৈছে ভেঁকুৰ-প্ৰতিৰোধী ঔষধ এম্ফোটেৰিচিন বি(amphotericin B) ঔষধৰ ।

ব্লেক ফাংগাছৰ সৈতেও একেটা ভুলৰ পুনৰাবৃত্তি, নাটনি হৈছে ভেঁকুৰ-প্ৰতিৰোধী ঔষধ এম্ফোটেৰিচিন বি(amphotericin B) ঔষধৰ ।

  • Share this:

কোৰোণাৰ সংহাৰৰ মাজতেই দেশত হঠাতে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে Black Fungus–এ । ইতিমধ্যে দেশত হাজাৰৰো অধিক কোভিড ৰোগীৰ মাজত দেখিবলৈ পোৱা গৈছে এই মাৰাত্মক আৰু আক্ৰমণাত্মক ভেঁকুৰৰ সংক্ৰমণ,  ফলত দেশৰ সমস্যা প্ৰতিদিন বৃদ্ধি পাইছে।


 কি এই ফাংগাছ ?


আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰ (CDC)ৰ মতে, "ব্লেক ফাংগাছ" অৰ্থাৎ মিউকৰ্মাইকোচিছ হৈছে মাটিত পোৱা ভেঁকুৰ আৰু ই পচা পাতৰ দৰে ক্ষয় হোৱা জৈৱিক পদাৰ্থৰ ফলত হয়।


উশাহৰ জৰিয়তে ভিন্ন প্ৰকাৰে এগৰাকী লোক মিউকৰ্মাইকোচিছ ৰোগত আক্ৰান্ত হ'ব পাৰে। চিকিৎসালয় আৰু ঘৰৰ লেতেৰা পানী থকা এয়াৰ হিউমিডিফায়াৰ বা অক্সিজেন টেংকৰ পৰাও বিয়পিব পাৰে এই ভাইৰাছ ।


 ই কিমান বিপজ্জনক?


ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পূৰ্বেই ইয়াক ধৰা পেলাব লাগিব আৰু ইয়াৰ মৃত কোষকলাবোৰ আঁতৰ কৰিব লাগিব। ইয়াক মগজুলৈ যোৱাটো বন্ধ কৰিবলৈ কেতিয়াবা চিকিৎসকে ৰোগীগৰাকীৰ নাক, চকু বা আনকি তেওঁলোকৰ হনু আঁতৰ কৰিব লগা হয় । CDCৰ মতে এই ৰোগৰ গড় মৃত্যুৰ হাৰ হৈছে ৫৪ শতাংশ।


ব্লেক ফাংগাছত এবাৰ সংক্ৰমিত হ'লে কেইদিনমানৰ ভিতৰতে মানুহৰ মৃত্যু হ'ব পাৰে। অৱশ্যে ই সংক্ৰামক নহয়। ভাৰতত সাধাৰণতে বছৰত মাত্ৰ কেইগৰাকীমান লোকহে এনে ৰোগত আক্ৰান্ত হোৱা দেখিবলৈ পোৱা যায় ।


সাধাৰণতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই এই ৰোগৰ সৈতে মোকাবিলা কৰে । দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোকৰ লগতে অংগ সংৰোপণ বা কৰ্কট ৰোগী এই ৰোগত অধিকভাৱে প্ৰভাৱিত হয়।


কোভিড ৰোগীৰ ক্ষেত্ৰত কিছু ব্লেক ফাংগাছৰ বিপদাশংকা অধিক?


দৰাচলতে অন্যান্য ৰোগত ইতিমধ্যে আক্ৰান্ত হৈ থকা কোৰোণা ৰোগীৰ ক্ষেত্ৰত ৰোগৰ বিপদশংকা বেছি । কোভিডে শৰীৰৰ অক্সিজেনৰ মাত্ৰা কমোৱাৰ লগতে ৰোগ প্ৰতিৰোধী ক্ষমতা দুৰ্বল হৈ পৰাৰ ফলত এই ৰোগে সংক্ৰমণৰ সুবিধা পায় । আনফালে কোভিড ৰোগীক ষ্টেৰইড দিয়াৰ ফলতো এই ফাংগাছ বিকশিত হ'ব পাৰে ।


বিশেষকৈ মধুমেহ অৰ্থাৎ ডায়েবেটিক ৰোগীৰ ক্ষেত্ৰত এই ৰোগৰ শংকা বেছি থাকে । যিহেতু ভাৰতত ডায়েবেটিক ৰোগত আক্ৰান্তৰ সংখ্যা যথেষ্ট বেছি । তেনেস্থলত অধিকাংশ উচ্চ মধুমেহ ৰোগত আক্ৰান্ত কোভিড ৰোগীৰে ব্লেক ফাংগাছ হোৱা দেখিবলৈ পোৱা গৈছে।


ভাৰতত এতিয়ালৈকে কিমান লোক সংক্ৰমিত হৈছে এই ৰোগত ?


ভাৰতত এতিয়ালৈকে প্ৰায় ৭,২৫০ টা ব্লেক ফাংগাছৰ ঘটনা ঘটা দেখিবলৈ পোৱা গৈছে । ইয়াৰে মহাৰাষ্ট্ৰত ২,০০০ ৰো অধিক ঘটনা পোৱা গৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্য গুজৰাটত প্ৰায় ১,২০০এই ঘটনা পোৱা গৈছে । দেশৰ কমেও ৯ খন ৰাজ্যই এই ৰোগক মহামাৰী বুলি ঘোষণা কৰিছে। কেইবাখনো চহৰত চিকিৎসালয়ত বিশেষ ৱাৰ্ডো খোলা হৈছে । প্ৰায় ২১৯ গৰাকী লোকৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যুও হৈছে ।


এই ৰোগৰ চিকিৎসাৰ বাবে ঔষধ


সংক্ৰমণৰ চিকিৎসাৰ বাবে মুখ্য ভেঁকুৰ-প্ৰতিৰোধী ঔষধ এম্ফোটেৰিচিন বি (amphotericin B) ৰ গুৰুতৰ অভাৱ হোৱা দেখিবলৈ পোৱা গৈছে, ইয়াৰ উৎপাদন বৃদ্ধিত এতিয়া উঠিপৰি নামিছে দেশৰ ঔষধ নিৰ্মাণকাৰী কোম্পানীবোৰ ।


এগৰাকী স্বাস্থ্যকৰ্মী অমূল্য নিধিয়ে এই সম্পৰ্কত কয় যে চৰকাৰে আগতে ৰেমডেচিভিৰ আৰু প্লাজমাৰ দৰে কোভিড প্ৰতিৰোধী ঔষধৰ পৰ্যাপ্ত যোগান প্ৰস্তুত কৰাত ব্যৰ্থ হৈছিল। আৰু এতিয়া ব্লেক ফাংগাছৰ সৈতেও একেটা ভুলৰ পুনৰাবৃত্তি হ'বলৈ লৈছে । এই ৰোগৰ প্ৰথমটো ঘটনা লাভ কৰা মাত্ৰকে চৰকাৰে এয়া কৰিব লাগিছিল। মানুহে জীৱন ৰক্ষাকাৰী ঔষধৰ বাবে ভিক্ষা কৰা উচিত নহয়।


Published by:Gautam Barman
First published: