গুজৰাটত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক বলৰাম থাবানীয়ে NCPৰ নেতা নীতু তেজবানীক শোধালে গোৰ। নীতু যেতিয়া বলৰাম থাবানীৰ কাৰ্যালয়লৈ এটা স্থানীয় অভিযোগ লৈ গৈছিল তেতিয়া সংঘটিত হৈছিল এই ঘটনা। নীতুয়ে বলৰামৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।
ঘটনা সন্দৰ্ভত নীতুৰ মন্তব্য– ‘এটা স্থানীয় বিষয় সন্দৰ্ভত আলোচনা কৰিবলৈ মই বিজেপি বিধায়ক বলৰাম থাবানীক সাক্ষাৎ কৰিবলৈ গৈছিলো কিন্তু মোৰ কথা শুনাৰ বিপৰীতে তেওঁ মোক চৰ মাৰি দিয়ে। মই যেতিয়া মজিয়াত পৰি গৈছিলো তেতিয়া তেওঁ মোক গোৰ শুধাইছিল। তেওঁৰ সহযোগীয়ে মোৰ স্বামীকো মাৰধৰ কৰে।
ঘটনা সন্দৰ্ভত বিজেপি বিধায়কজনে ক’লে যে, ‘মই মোৰ ভুল স্বীকাৰ কৰিছো। এয়া জানি বুজি হোৱা নাই। মই ২২ বছৰ ধৰি ৰাজনীতিত আছো কিন্তু এনেধৰণৰ ঘটনা সংঘটিত হোৱা নাছিল। মই তেওঁৰ পৰা ক্ষমা বিচাৰিছো। বিধায়কগৰাকীয়ে ক’লে মই মহিলাগৰাকীৰ খবৰ লবলৈ হাস্পতাললৈ যাম।
Published by: Dulu Medhi
FIRST PUBLISHED : June 03, 2019, 15:04 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।