ঘৰৰ ভিতৰত সোমাই গুলীয়ালে বিজেপিৰ মহিলা কৰ্মী আৰু পুত্ৰক

সম্পত্তিকেন্দ্ৰীক বিবাদৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰিছে আৰক্ষীয়ে।

News18-Assam
Updated:June 28, 2019, 11:32 AM IST
ঘৰৰ ভিতৰত সোমাই গুলীয়ালে বিজেপিৰ মহিলা কৰ্মী আৰু পুত্ৰক
CREATOR: gd-jpeg v1.0 (using IJG JPEG v62), quality = 80
News18-Assam
Updated: June 28, 2019, 11:32 AM IST
দিল্লীত বিজেপিৰ এগৰাকী মহিলা কৰ্মী আৰু তেওঁৰ পুত্ৰক ঘৰৰ ভিতৰত সোমাই গুলীয়াই হত্যাৰ চেষ্টা চলালে দুৰ্বৃত্তই। গুলীচালনাত গুৰুতৰভাৱে আহত মাতৃ–পুত্ৰক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

ঘটনাটো সংঘটিত হৈছে ৰোহাণীৰ কঞ্জাৱলাত। আৰক্ষীয়ে জনোৱা মতে, ৬০ বছৰীয়া ৰাজ ৰাণী আৰু তেওঁৰ ৩০ বছৰীয়া পুত্ৰ নেত্ৰপাল গুৰুতৰভাৱে আহত হয় এই গুলীচালনাৰ ঘটনাত। সম্পত্তিকেন্দ্ৰীক বিবাদৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰিছে আৰক্ষীয়ে। মহিলাগৰাকীৰ ভৰিত গুলী লগাৰ বিপৰীতে পুত্ৰৰ পেটত লাগিছে গুলীৰ আঘাত। আহত মহিলাগৰাকীৰ ভতিজাকে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ আৰক্ষীৰ। সম্পত্তিক লৈ দুয়োপক্ষৰ মাজত দীৰ্ঘদিনৰ পৰা চলি আহিছিল বিবাদ।
আৰু চাওক পৰৱৰ্তী বাতৰি