দিল্লীত সৰ্বানন্দ সোণোৱালে প্ৰচাৰ চলোৱা সমষ্টিত বিজেপিৰ জয়লাভ

News18 Assam | News18-Assam
Updated:February 12, 2020, 10:01 AM IST
দিল্লীত সৰ্বানন্দ সোণোৱালে প্ৰচাৰ চলোৱা সমষ্টিত বিজেপিৰ জয়লাভ
অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসে প্ৰচাৰ চলোৱা গোটেইকেইটা সমষ্টিত মুখথেকেছা খাইছে বিজেপিয়ে।

অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসে প্ৰচাৰ চলোৱা গোটেইকেইটা সমষ্টিত মুখথেকেছা খাইছে বিজেপিয়ে।

  • News18 Assam
  • Last Updated: February 12, 2020, 10:01 AM IST
  • Share this:
২ ফেব্ৰুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিল্লীৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰোহটাছ নগৰৰ বিজেপিৰ প্ৰাৰ্থী জিতেন্দ্ৰ মহাজনৰ হৈ প্ৰচাৰ চলাইছিল। মহাজনে সেই সমষ্টিৰ পৰা জয়লাভ কৰিছে। অৱশ্যে অসমৰ মুখ্যমন্ত্ৰীৰে পৰিচিত নাছিল অঞ্চলবাসী। NSG Commandoৰ বেষ্টনীৰ মাজত কোন আহিল বুলি হুৱাদুৱা লাগিছিল অঞ্চলবাসীৰ মাজত। বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে সুবিধা বুজি পৰিস্থিতিৰ মুনাফা আদায় কৰিছিল। নিজে নিৰাপত্তা বেষ্টনীৰ মাজত সোমাই ঘৰে ঘৰে টোকৰ মাৰিছিল মহাজনে। বহু লোকে মহাজনে এনে নিৰাপত্তা আদায় কৰিছে বুলি ভাবি লৈছিল।

আনহাতে, ২৭ জানুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী উপস্থিত হৈছিলগৈ আনচাৰি নগৰত। প্ৰায় ৪০জন ব্যক্তিৰ উপস্থিতিত ভাষণ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীয়ে। দুৰ্ভাগ্যক্ৰমে এই অঞ্চল কেজৰিৱালে প্ৰতিদ্বন্দ্বিতা কৰা নতুন দিল্লী সমষ্টিৰ অংশ বিশেষ। সোণোৱালে দক্ষতা নোহোৱা তথা অযোগ্য আখ্যা দিয়া কেজৰিৱালে এই সমষ্টিৰ পৰা তৃতীয়বাৰৰ কাৰণে বিপুল ভোটত জয়লাভ কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ চৰকাৰী আৱাসতো সোণোৱালে সম্বোধন কৰিছিল আন এখন বৈঠক য’ত উপস্থিত আছিল অৰুণাচল, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী আৰু দুই কেন্দ্ৰীয় মন্ত্ৰী ক্ৰমে তেলী আৰু ৰিজিজু। এই স্থানো কেজৰিৱালৰ সমষ্টিৰ অংশবিশেষ। ইয়াতেই কেজৰিৱালৰ কোনো Positive Vibration আৰু Credibility নাই বুলি কৈছিল সোণোৱালে। অৱশ্যে এই সভাত দিল্লীৰ বিভিন্ন স্থানৰ পৰা উত্তৰ–পূবৰ প্ৰায় ১০০জন লোকেহে অংশগ্ৰহণ কৰিছিল।

আনহাতে, অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসে প্ৰচাৰ চলোৱা গোটেইকেইটা সমষ্টিত মুখথেকেছা খাইছে বিজেপিয়ে। তেওঁ প্ৰচাৰ চলাইছিল পূব দিল্লীৰ কুণ্ডলী, ত্ৰিলোকপুৰী, মন্দাৱলী আৰু ময়ূৰ বিহাৰত। ত্ৰিলোকপুৰীত জয়ী হৈছে আপৰ ৰোহিত কুমাৰ। কুণ্ডলীত জয়যুক্ত হৈছে পুনৰ আপৰ কুলদ্বীপ কুমাৰ। ময়ূৰ বিহাৰ কুণ্ডলী সমষ্টিৰ অন্তৰ্গত। অন্যহাতেদি, মন্দাৱলী পটপৰগঞ্জ সমষ্টিত অন্তৰ্ভুক্ত আৰু এই সমষ্টিৰ পৰা জয়যুক্ত হৈছে শিক্ষামন্ত্ৰী মনীষ ছিছ’ডিয়া।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে দক্ষিণ দিল্লীৰ শংকৰদেৱ ভৱনতো প্ৰচাৰ চলাইছিল। এই স্থান পৰে মেহৰলী সমষ্টিৰ আৰু এই সমষ্টিৰ পৰা জয়লাভ কৰিছে আপৰ নৰেশ যাদৱে। অৱশ্যে এই বৈঠকত অসমৰ মুখ্যমন্ত্ৰী দিল্লীৰ অসমীয়া সকলৰে মিলিত হৈছিল। ইয়াতেই বৈঠকৰ অন্তত সোণোৱালে কেজৰিৱালৰ মুখ্যমন্ত্ৰী হ’বলৈ দক্ষতা আৰু যোগ্যতা নাই বুলি কৈছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি