কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে NEWS18 ইণ্ডিয়াৰ বিশেষ অনুষ্ঠান ‘গুজৰাট অধিৱেশন’ত NETWORK18ৰ এম ডি আৰু গ্ৰুপ এডিটৰ ইন চীফ ৰাহুল যোশীৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত মিলিত হয়।
অমিত শ্বাহে সাক্ষাৎকাৰত গুৰুত্বপূৰ্ণ বিষয়ত মত পোষণ কৰে। গুজৰাটৰ আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে গুজৰাটত বিজেপিয়ে বৃহত্ জয় লাভ কৰিব। তেওঁ কয়– ''সকলো নিৰ্বাচনী অভিলেখ ভংগ কৰি আমি বৃহৎ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিম। আমি সদায় গুজৰাটৰ জনসাধাৰণৰ আশা পূৰণ কৰি আহিছোঁ। ইয়াত আইন-শৃংখলাৰ এক অভেদ্য দেৱাল স্থাপন কৰা হৈছে।''
আপৰ সাম্প্ৰতিক নিৰ্বাচনী কুচকাৱাজক লৈ কোনো উদ্বিগ্নতাৰ কাৰণ নাই বুলি উল্লেখ কৰি তেওঁ কয় যে গুজৰাটত বিজেপিৰ বিৰুদ্ধে পূৰ্বেও বহুকেইটা দলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু গুজৰাটে কেতিয়াও তৃতীয় পক্ষৰ ধাৰণা মানি লোৱা নাই। গুজৰাট আৰু বিজেপি একত্ৰিত। কোনো সংঘাত নাই।
গুজৰাটত মুঠ কিমানখন আসন লাভ কৰিব পাৰে বুলি সোধা প্ৰশ্নৰ উত্তৰত অমিত শ্বাহে কয়– ''বৰ্তমান আমাৰ বাবে কোনো নিৰ্দিষ্ট সংখ্যক আসন কোৱাটো সঠিক নহয়। এতিয়াও সময় হোৱা নাই, কিন্তু দীপাৱলীৰ পিছৰে পৰা গুজৰাটত যথেষ্ট সময় কটালোঁ। ইয়াৰ ওপৰত ভিত্তি কৰি মই নিশ্চিত কৰিব পাৰোঁ যে এই ৰাজ্যত নিজৰ সকলো নিৰ্বাচনী অভিলেখ ভংগ কৰি সৰ্বাধিক আসন আৰু সৰ্বাধিক ভোট লাভ কৰি ক্ষমতালৈ আহিব বিজেপি।''
এই প্ৰসংগতে গৃহমন্ত্ৰীগৰাকীক সোধা হয় যে বিজেপিয়েও মাধৱ সিং চোলাংকীৰ অভিলেখ ভংগ কৰিব বুলি ভাবিছেনে?
অমিত শ্বাহে কয়– "চাওক, আমি আন কাৰোবাৰ অভিলেখ ভংগ কৰিবলৈ ৰাজনীতি নকৰোঁ। বিজেপিয়ে অভিলেখৰ ৰাজনীতি নকৰে। আমাৰ কাৰো লগত কোনো প্ৰতিযোগিতা নাই। যিসকলে বিজেপিক ভোট দিব তেওঁলোকে যাতে ভোটদান কৰিব পাৰে, সেয়া নিশ্চিত কৰাটো আমাৰ কাৰ্যকৰ্তাসকলৰ কৰ্তব্য। আমি নিৰ্বাচনৰ জৰিয়তে আমাৰ দলীয় আদৰ্শ বিয়পাই দিব বিচাৰোঁ আৰু আমি এখন শক্তিশালী চৰকাৰ, এখন নিৰাপদ, সুবিকশিত, শিক্ষিত আৰু সংস্কৃতিৱান গুজৰাট গঢ়িব বিচাৰোঁ, যিটো আমি দীৰ্ঘদিন ধৰি কৰি আহিছোঁ।
উল্লেখ্য, মুঠ ১৮২ জনীয়া গুজৰাট বিধানসভাৰ বাবে প্ৰথম পৰ্যায়ৰ ৮৯খন আৰু দ্বিতীয় পৰ্যায়ত ৯৩খন আসনত ১ আৰু ৫ ডিচেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে হিমাচল প্ৰদেশৰ ভোটগণনাৰ সমান্তৰালকৈ অহা ৮ ডিচেম্বৰত ভোটগণনা অনুষ্ঠিত হ’ব। ২০২৩ চনৰ ১৮ ফেব্ৰুৱাৰীত গুজৰাট বিধানসভাৰ কাৰ্যকাল শেষ হ’ব। গুজৰাটত বিগত ছটা বিধানসভা নিৰ্বাচনত একেৰাহে বিজয় সাব্যস্ত কৰিছে বিজেপিয়ে। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৯৯খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৭৭খন আসন লাভ কৰিছিল। শতাংশ হিচাপত সেই নিৰ্বাচনত বিজেপিয়ে ৪৯.০৫ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৪২.৯৭ শতাংশ ভোট লাভ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|