EXCLUSIVE সাক্ষাৎকাৰঃ নীতিশ কুমাৰৰ নেতৃত্বতে বিজেপিয়ে বিহাৰ বিধানসভাত যুঁজিব

দলৰ মতবিৰোধক লৈ অমিত শ্বাহৰ প্ৰতিক্ৰিয়া–সুস্থ জোঁটবন্ধনত এইবোৰ থাকেই।

News18-Assam
Updated:October 16, 2019, 11:17 PM IST
EXCLUSIVE সাক্ষাৎকাৰঃ নীতিশ কুমাৰৰ নেতৃত্বতে বিজেপিয়ে বিহাৰ বিধানসভাত যুঁজিব
দলৰ মতবিৰোধক লৈ অমিত শ্বাহৰ প্ৰতিক্ৰিয়া–সুস্থ জোঁটবন্ধনত এইবোৰ থাকেই।
News18-Assam
Updated: October 16, 2019, 11:17 PM IST
BJP-JD(U) জোঁটবন্ধনে আগন্তুক বিহাৰ নিৰ্বাচনত নীতিশ কুমাৰৰ নেতৃত্বত যুঁজত অৱতীৰ্ণ হ’ব। বিজেপিৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে News18 Network Groupৰ Editor-in-Chief ৰাহুল যোশীৰ সৈতে হোৱা এক এক্সক্লুছিভ সাক্ষাৎকাৰত সকলো জল্পনা–কল্পনাৰ ওৰ পেলাই এই কথা স্পষ্ট কৰে। দুয়োটা দলৰ মিত্ৰজোঁটক লৈ চলি থকা সকলো চৰ্চাৰ অৱসান ঘটাই অমিত শ্বাহে জনায় যে বিহাৰৰ নিৰ্বাচনত দুয়োটা দল একেলগে নীতিশ কুমাৰৰ নেতৃত্বত ৰণত নামিব।

নীতিশ জীৰ নেতৃত্বতে JD(U) আৰু BJP-এ নিৰ্বাচনত যুঁজিব। এই কথা একেবাৰে স্পষ্ট। তেওঁ কয় যে, ৰাষ্ট্ৰীয় পৰ্যায়ত যিদৰে দল দুটাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কাম কৰি আছে সেই একেদৰেই ৰাজ্যত বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত কাম কৰি যাব।


চৰ্চিত মতবিৰোধৰ প্ৰসংগতো অমিত শ্বাহে কয় যে,
জোঁটবন্ধনত কিছু মতানৈক্য থাকেই আৰু সুস্থ জোঁটবন্ধনৰ কাৰণে এয়া জৰুৰী মাপ হিচাপেহে ধৰিব লাগে। কেৱল মতভেদক মনভেদলৈ পৰিণত কৰিব নালাগে।


উল্লেখযোগ্য যে নৰেন্দ্ৰ মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ কেবিনেটত জেডিইউৰ এজনক মন্ত্ৰিত্ব প্ৰদান কৰোতে নীতিশ কুমাৰৰ দলে সেই পদ প্ৰত্যাখান কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত নীতিশ কুমাৰে পৰৱৰ্তী সময়ত ৰাজ্যত কেবিনেট সম্প্ৰসাৰণ কৰি অধিক সংখ্যক জেডিইউ নেতাক অন্তৰ্ভুক্ত কৰিছিল। দুয়োটা দলে আনকি চৰকাৰীভাৱে পতা ইফটাৰ পাৰ্টিতো একেলগে অংশ লোৱা নাছিল। ইয়াৰ পিছতে দুয়োটা দলৰ ব্যৱধানক লৈ ব্যাপক চৰ্চা হৈছিল।

অমিত শ্বাহৰ সৈতে ৰাহুল যোশীৰ এই বিশেষ সাক্ষাৎকাৰৰ Network18 টিভি চেনেলসমূহত ১৭ অক্টোবৰ, বৃহস্পতিবাৰে সম্প্ৰচাৰ হ’ব। News18.com–এ এই সাক্ষাৎকাৰৰ বিশেষ অংশ তুলি ধৰিব।
আৰু চাওক পৰৱৰ্তী বাতৰি