• Home
  • »
  • News
  • »
  • nation
  • »
  • Satyendar Jain : তিহাৰ জে’লত বডী মাছাজ লৈছে আপ নেতাই! ভিডিঅ’ টুইট কৰি আক্ৰমণ বিজেপিৰ

Satyendar Jain : তিহাৰ জে’লত বডী মাছাজ লৈছে আপ নেতাই! ভিডিঅ’ টুইট কৰি আক্ৰমণ বিজেপিৰ

সত্যেন্দ্ৰ জৈনৰ পক্ষত থিয় দিছে আপ নেতা মনীষ ছিছ’ডিয়া। তেওঁৰ দাবী, পুৰণি ভিডিঅ’ প্ৰকাশ কৰি লেতেৰা ৰাজনীতি কৰিছে বিজেপিয়ে।

সত্যেন্দ্ৰ জৈনৰ পক্ষত থিয় দিছে আপ নেতা মনীষ ছিছ’ডিয়া। তেওঁৰ দাবী, পুৰণি ভিডিঅ’ প্ৰকাশ কৰি লেতেৰা ৰাজনীতি কৰিছে বিজেপিয়ে।

সত্যেন্দ্ৰ জৈনৰ পক্ষত থিয় দিছে আপ নেতা মনীষ ছিছ’ডিয়া। তেওঁৰ দাবী, পুৰণি ভিডিঅ’ প্ৰকাশ কৰি লেতেৰা ৰাজনীতি কৰিছে বিজেপিয়ে।

  • Share this:
নামতহে জে’ল। তাৰ ভিতৰত বিছনাত শুই আৰামত মাছাজ লৈছে দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈনে। গুজৰাট নিৰ্বাচনৰ পূৰ্বে এক পুৰণি ভিডিঅ’ প্ৰকাশ কৰি আম আদমী পাৰ্টীৰ বিৰুদ্ধে সৰৱ হ’ল বিজেপি। অভিযোগ তোলা হৈছে, নিজৰ দলৰ নেতাৰ বাবে জে’লতে ভিআইপি সুবিধাৰ ব্যৱস্থা কৰি দিছে অৰবিন্দ কেজৰিৱাল চৰকাৰে।

তিহাৰ জে’লৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত আছে দিল্লীৰ চৰকাৰ। স্বাভাৱিকতে আম আদমি পাৰ্টীক লক্ষ্য কৰি লৈছে বিজেপিয়ে। আৰ্থিক খেলিমেলিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল সত্যেন্দ্ৰ জৈন। এই ভিডিঅ’ টুইট কৰি বিজেপি নেতা ছেহজাদ পুনেৱালাই লিখিছে, ‘সকলো নিয়ম নৰ্দমাত পেলাই দিয়া হৈছে।’

সত্যেন্দ্ৰ জৈনৰ পক্ষত থিয় দিছে আপ নেতা মনীষ ছিছ’ডিয়া। তেওঁৰ দাবী, পুৰণি ভিডিঅ’ প্ৰকাশ কৰি লেতেৰা ৰাজনীতি কৰিছে বিজেপিয়ে। ছিছ’ডিয়াৰ দাবী, চিকিৎসকেই সত্যেন্দ্ৰ জৈনক ফিজিঅ’থেৰাপি লোৱাৰ পৰামৰ্শ দিছিল।

ছিছ’ডিয়াৰ দাবী, বিগত ছমাহ ধৰি বিজেপিয়ে সত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি তেওঁক জে’লৰ ভিতৰত ৰাখিছে। এতিয়া তেওঁলোকৰ ইমানেই অধঃপতন ঘটিছে যে কাৰোবাৰ অসুস্থতাক লৈও ধেমালি কৰিছে। যিকোনো লোকেই অসুস্থ হ’ব পাৰে। আনকি প্ৰধানমন্ত্ৰীও অসুস্থ হ’ব পাৰে আৰু তেওঁৰ চিকিৎসা হ’ব পাৰে। কেৱল বিজেপিয়েহে ইয়াত ধেমালি বিচাৰি পায়।’

জে’ল কৰ্তৃপক্ষৰ দাবী, এই ভিডিঅ’টো পুৰণি আৰু জে’লৰ যি কৰ্মী আৰু বিষয়াসকলে আপ নেতাজনক বৰ্ধিত সুবিধা দিছিল, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছে। ইয়াৰ পূৰ্বেই ইডিয়েও আদালতক জনাইছিল, জে’লত বিলাসবহুল জীৱন যাপন কৰিছে সত্যেন্দ্ৰ জৈনে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি