পশ্চিম বংগত আকৌ হিংসাত্মক ঘটনা, দেশীয় বোমা বিস্ফোৰণত দুজনৰ মৃত্যু

মমতাৰ অভিযোগ, বিজেপিয়ে হিংসাত্মক ঘটনাত উচতনি দিয়াৰ বাবে ভুৱা খবৰ বিয়পাই চৰকাৰক শ’লঠেকত পেলোৱাৰ চেষ্টা কৰিছে।

news18assam
Updated:June 11, 2019, 2:00 PM IST
পশ্চিম বংগত আকৌ হিংসাত্মক ঘটনা, দেশীয় বোমা বিস্ফোৰণত দুজনৰ মৃত্যু
মমতাৰ অভিযোগ, বিজেপিয়ে হিংসাত্মক ঘটনাত উচতনি দিয়াৰ বাবে ভুৱা খবৰ বিয়পাই চৰকাৰক শ’লঠেকত পেলোৱাৰ চেষ্টা কৰিছে।
news18assam
Updated: June 11, 2019, 2:00 PM IST
পশ্চিম বংগত এতিয়াও শাম কটা নাই ৰাজনৈতিক হিংসা। ৰাজ্যখনৰ ২৪ পৰগনা জিলাৰ কানকিনাৰাত এক বিস্ফোৰণত মৃত্যু হৈছে দুজন লোকৰ। আন চাৰিজন লোক গুৰুতৰভাৱে আহত হৈছে এই বিস্ফোৰণত। এয়া দেশীয় বোমা বিস্ফোৰণ ঘটা বুলি মন্তব্য স্থানীয় লোকৰ। ANIৰ খবৰ অনুসৰি অঞ্চলটোৰ বাসিন্দাসকল বৰ্তমান আতংকিত হৈ পৰিছে। অঞ্চলটোত সঘনাই সংঘটিত হৈছে চুৰিৰ ঘটনাও।

ইয়াৰ পূৰ্বে সন্দেছখলীত তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ কৰ্মীৰ মাজত হোৱা সংঘাতৰ ফলত শনিবাৰে তিনিজন লোকৰ মৃত্যু হৈছিল। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সোমবাৰে কৈছিল যে শনিবাৰৰ হিংসাত্মক ঘটনাত দুজন লোকৰ মৃত্যু হৈছিল আৰু বিজেপিয়ে ৫জন লোকৰ মৃত্যু হোৱা বুলি কৰা অভিযোগ মিছা। মমতাৰ অভিযোগ, বিজেপিয়ে হিংসাত্মক ঘটনাত উচতনি দিয়াৰ বাবে ভুৱা খবৰ বিয়পাই চৰকাৰক শ’লঠেকত পেলোৱাৰ চেষ্টা কৰিছে।

সংবাদ মাধ্যমক মমতা বেনাৰ্জীয়ে কয় – বিজেপিয়ে ছচিয়েল মিডিয়াৰ জৰিয়তে ভুৱা খবৰ বিয়পোৱাৰ বাবে কোটি কোটি টকা খৰচ কৰি আছে। কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপি দলৰ কৰ্মীসকলে পশ্চিম বংগত হিংসাত্মক ঘটনাক উচতনি দিয়াৰ চেষ্টা চলাই আছে। আমি পশ্চিম বংগক গুজৰাট হ’বলৈ নিদিওঁ।
আৰু চাওক পৰৱৰ্তী বাতৰি