আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনকলৈ তৎপৰ হৈছে ভাৰতীয় জনতা পাৰ্টী। শাসনাধিষ্ঠ আম আদমী চৰকাৰক ওফৰাই ক্ষমতা দখল কৰিবলৈ নিৰ্বাচনত সৰ্বশক্তিৰে অৱতীৰ্ণ হ’ব ভাৰতীয় জনতা পাৰ্টী। বিজেপি দলে ইতিমধ্যে প্ৰকাশ কৰিছে দিল্লী বিধানসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ ষ্টাৰ কেম্পেইনাৰৰ তালিকা।

বিজেপিয়ে প্ৰকাশ কৰা ষ্টাৰ কেম্পেইনাৰৰ তালিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ উপৰিও বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাৰ উপৰিও আছে বহু কেইগৰাকী বলীউদ, ভোজপুৰী চিনেমাৰ তাৰকাৰ নাম।
অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰিবলৈ দিল্লী বিধানসভা নিৰ্বাচনত বিজেপি দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ক্ৰিকেটাৰ- বিজেপি সাংসদ গৌতম গম্ভীৰ, অভিনেতা- সাংসদ ছানী দেউল, হেমা মালিনী, কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী, ভোজপুৰী অভিনেতা ৰবি কিষান, নিৰাহুৱা আদিয়ে।
কিন্তু এইবাৰ দিল্লী বিধানসভা নিৰ্বাচন সহজ নহ’ব বিজেপিৰ বাবে। ‘আপ’ চৰকাৰৰ বিভিন্ন জনকল্যানমুখী কাম কাজে ইতিমধ্যে আকৃষ্ট কৰিছে দিল্লীৰ জনসাধাৰণক। সেইদৰে বহু কেইটা প্ৰাক নিৰ্বাচনী সমীক্ষাতো দিল্লীত পৰৱৰ্তী চৰকাৰ আম আদমী পাৰ্টীয়ে গঠন কৰিব বুলিয়েই স্পষ্ট ইংগিত প্ৰদান কৰিছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : January 22, 2020, 14:46 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।