• Home
  • »
  • News
  • »
  • nation
  • »
  • ৰাজ্যসভা নিৰ্বাচন : নাগালেণ্ডৰ একমাত্ৰ আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থী চূড়ান্ত

ৰাজ্যসভা নিৰ্বাচন : নাগালেণ্ডৰ একমাত্ৰ আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থী চূড়ান্ত

৩১ মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যসভা নিৰ্বাচন আৰু একেদিনাই হ’ব ভোটগণনা। ২ এপ্ৰিলত কাৰ্যকালৰ অন্ত পৰিব নাগালেণ্ডৰ ৰাজ্যসভা সাংসদ কেজি কেনিৰ।

  • Share this:
ৰাজ্যসভা নিৰ্বাচনৰ বাবে নাগালেণ্ডৰ বিজেপি প্ৰাৰ্থী চূড়ান্ত। ফাংনোন কন্যাকক একমাত্ৰ ৰাজ্যসভা আসনখনৰ বাবে প্ৰদান কৰা হৈছে প্ৰাৰ্থিত্ব। ফাংনোন কন্যাক বৰ্তমান নাগালেণ্ড বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী। উল্লেখযোগ্য যে অসমৰ দুখন আসনৰ লগতে নাগালেণ্ডৰ একমাত্ৰ আসনখনৰ বাবেও অনুষ্ঠিত হ’ব নিৰ্বাচন। অৱশ্যে এতিয়াও মনোনয়ন পত্ৰ দাখিল কৰা নাই কন্যাকে।

উল্লেখযোগ্য যে ফাংনোন কন্যাক ৰাজ্যসভালৈ নিৰ্বাচিত হ’লে তেওঁ হ’ব নাগালেণ্ডৰ প্ৰথমগৰাকী মহিলা ৰাজ্যসভাৰ সাংসদ। ১৯৬৩ চনৰে পৰা বৰ্তমানলৈ নাগালেণ্ডৰ পৰা কেৱল এগৰাকী মহিলাহে সাংসদ হিচাপে নিৰ্বাচিত হৈছে। তেওঁ হৈছে ৰানো এম ছাইজা, ১৯৭৭ চনত লোকসভালৈ নিৰ্দলীয় হিচাপে নিৰ্বাচিত হৈছিল তেওঁ। কিন্তু ৰাজ্যসভালৈ কোনো মহিলা প্ৰাৰ্থী নিৰ্বাচিত হোৱা নাই আজিলৈ। আনহাতে, নাগালেণ্ড বিধানসভালৈও এইপৰ্যন্ত কোনো মহিলা বিধায়িকা হিচাপে নিৰ্বাচিত হোৱা নাই।

সোমবাৰে বিয়লি ৩ বজাত দাখিল কৰিব মনোনয়ন পত্ৰ। উল্লেখযোগ্য যে ৩১ মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যসভা নিৰ্বাচন আৰু একেদিনাই হ’ব ভোটগণনা। ২ এপ্ৰিলত কাৰ্যকালৰ অন্ত পৰিব নাগালেণ্ডৰ ৰাজ্যসভা সাংসদ কেজি কেনিৰ।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি