মমতা বেনাৰ্জীলৈ ১০ লাখ পোষ্টকাৰ্ড পঠিয়াব বিজেপিয়ে, লিখা থাকিব ‘জয় শ্ৰী ৰাম’

পশ্চিম বংগৰ বিজেপিৰ নৱনিৰ্বাচিত সাংসদ অৰ্জুন সিঙে ক’লে, ‘আমি মুখ্যমন্ত্ৰীৰ আবাসলৈ ‘জয় শ্ৰী ৰাম’ লিখা ১০ লাখ পোষ্টকাৰ্ড পঠোৱাৰ নিৰ্ণয় লৈছো।’

news18assam
Updated:June 2, 2019, 1:53 PM IST
মমতা বেনাৰ্জীলৈ ১০ লাখ পোষ্টকাৰ্ড পঠিয়াব বিজেপিয়ে, লিখা থাকিব ‘জয় শ্ৰী ৰাম’
পশ্চিম বংগৰ বিজেপিৰ নৱনিৰ্বাচিত সাংসদ অৰ্জুন সিঙে ক’লে, ‘আমি মুখ্যমন্ত্ৰীৰ আবাসলৈ ‘জয় শ্ৰী ৰাম’ লিখা ১০ লাখ পোষ্টকাৰ্ড পঠোৱাৰ নিৰ্ণয় লৈছো।’
news18assam
Updated: June 2, 2019, 1:53 PM IST
পশ্চিম বংগত শাসনাধিষ্ঠ তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ মাজত সংঘৰ্ষ অব্যাহত। লোকসভা নিৰ্বাচনত সুন্দৰ প্ৰদৰ্শন দেখুওৱা বিজেপিয়ে এতিয়া TMCৰ জ্বলা জুইত ঘিউ ঢলাৰ উদ্দ্যশ্যৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ‘জয় শ্ৰী ৰাম’ লিখা ১০ লাখ পোষ্টকাৰ্ড পঠোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।

পশ্চিম বংগৰ বিজেপিৰ নৱনিৰ্বাচিত সাংসদ অৰ্জুন সিঙে ক’লে, ‘আমি মুখ্যমন্ত্ৰীৰ আবাসলৈ ‘জয় শ্ৰী ৰাম’ লিখা ১০ লাখ পোষ্টকাৰ্ড পঠোৱাৰ নিৰ্ণয় লৈছো।’

তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক অৰ্জুন সিং সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰিছিল। বিজেপিৰ কৰ্মকৰ্তাৰ দলক লাঠীচাৰ্জ কৰা ঘটনাৰ পিছতে এই মন্তব্য কৰিছিল অৰ্জুন সিঙে, যি স্থানত তৃণমূল কংগ্ৰেছৰ নেতাই বৈঠক অনুষ্ঠিত কৰিছিল সেই স্থানতে মমতাৰ কনভয়ৰ সমীপত একাংশ লোকে দিছিল ‘জয় শ্ৰীৰাম’ ধ্বনি।

উল্লেখ্য যে, তৃণমূল কংগ্ৰেছৰ নেতা উত্তৰ ২৪ পৰগনা জিলাৰ কাঞ্চৰাপাডাত একত্ৰিত হৈছিল যাতে দলৰ কাৰ্যালয়সমূহ পুনৰ নিজৰ কৰিবলৈ ৰণনীতি প্ৰস্তুত কৰিব পাৰে।

তৃণমূল কংগ্ৰেছৰ নেতা তথা মন্ত্ৰী জ্যোতিপ্ৰিয় মালিকে দাবী কৰিলে যে অৰ্জুন সিং আৰু বিজেপি নেতা মুকুল ৰায়ৰ পুত্ৰ শুভ্ৰাংশু ৰায়ে ৰাজ্যত অশান্তি সৃষ্টি কৰাৰ ষড়যন্ত্ৰ ৰচিছে। শুভ্ৰাংশু যোৱা মঙলবাৰত তৃণমূল ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি