ভাৰতীয় জনতা পাৰ্টিয়ে চমুকৈ বিজেপিয়ে ২০২২ চনৰ দিল্লী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। ২৫০ টা ৱাৰ্ডবিশিষ্ট দিল্লী পৌৰ নিগমৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকাত মুঠ ২৩২ জন সদস্য আছে। বাকী ১৮ জন প্ৰাৰ্থীক পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব বুলি জানিব পৰা গৈছে। দিল্লী বিজেপিৰ সাধাৰণ সম্পাদক হৰ্ষ মালহোত্ৰাই কয় যে, দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ অনুমোদনৰ পিছত ২৩২ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হয়।
দিল্লী পৌৰ নিগম ২০২২ৰ নিৰ্বাচন আগন্তুক ৪ ডিচেম্বৰত অনুষ্ঠিত হ'ব। উচ্চ অংশীদাৰিত্ব এই নিৰ্বাচনত মুখ্যতঃ আম আদমী পাৰ্টি, বিজেপি আৰু কংগ্ৰেছৰ মাজত তিনিমুখীয়া যুদ্ধ হ'ব।
উল্লেখযোগ্য যে, ১১ নৱেম্বৰ তাৰিখ শুক্ৰবাৰে দিল্লী আম আদমী পাৰ্টীয়ে আগন্তুক পৌৰ নিৰ্বাচনৰ বাবে ১৩৪ জন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে। আপে বাছনি কৰা ১৩৪ জন প্ৰাৰ্থীৰ ভিতৰত ৬৫ গৰাকী মহিলা প্ৰাৰ্থী। ইফালে দিল্লী কংগ্ৰেছে এতিয়াও পৌৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা নাই।
মন কৰিবলগীয়া যে, এই বছৰ ৱাৰ্ডসমূহৰ শেহতীয়া সীমা নিৰ্ধাৰণৰ পিছত ২৫০ টা ৱাৰ্ডৰ বাবে পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। দিল্লী পৌৰ নিগমৰ বাবে মুঠ ২৫০ টা ৱাৰ্ড নিৰ্ধাৰণ কৰা হৈছে, যাৰ ভিতৰত ৪২ টা ৱাৰ্ড অনুসূচীত জাতিৰ সদস্যসকলৰ বাবে সংৰক্ষিত ৰাখিব লাগিব বুলি গৃহ মন্ত্ৰালয়ে জনাইছে।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|