সোমবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে হেঙেৰাবাৰীস্থিত দলৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে। বহুকেইজন বিজেপিৰ আগশাৰীৰ নেতাও উপস্থিত থাকে সংবাদমেলখনত।সংবাদমেলত NRC ৰ প্ৰসংগ উত্থাপন কৰি প্ৰত্যাশিত ভাবে বিজেপিৰ সভাপতি জনে আক্ৰমণৰ লক্ষ্য হিচাপে লয়, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ মুখ্য সমন্বয়ৰক্ষী বিষয়া প্ৰতীক হাজেলাক। বিজেপিৰ মুখ্য সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা. বিধায়ক শিলাদিত্য দেৱ, বিজেপি নেতা তৌফিক ৰহমান উপস্থিত থকা সংবাদমেলত সভাপতি ৰণজিৎ দাসে কয় যে, ‘NRCৰ পৰা ভাৰতীয়ৰ নাম বাদ পৰিলে অথলে যাব ১২শ কোটি টকা। প্ৰতীক হাজেলাই নিজ ইচ্ছা মতে কৰিছে NRCৰ সকলো কাম। হাজেলাৰ গাৰ পৰা দোষ নাইকীয়া কৰিবলৈ এতিয়া কিছু সংগঠনে মাত মাতিছে।’
ৰণজিৎ দাসে লগতে উল্লেখ কৰে যে, ‘ ইমান বিভ্ৰান্তিৰ মাজেৰে চৰকাৰে শুদ্ধ NRC কেনেকৈ দিব? নিখুত NRC নহ’লে সংসদ, বিধানসভাত আমি সংশোধনী বিধেয়ক আনিম। বহু বিষয়া কৰ্মচাৰীয়ে NRCত ভুৱা নথি লৈ বিদেশীৰ নাম অন্তৰ্ভুক্ত কৰিলে। ফলত এতিয়া কাউণ্টাৰ ভেৰিফিকেশ্যন কৰিব লাগে বহু নথিৰ।’
NRC ৰ পৰা যদি প্ৰকৃত ভাৰতীয়লোকৰ নাম বাদ পৰে তেন্তে তেওঁলোকক বিজেপিয়ে সৰ্বতোপ্ৰকাৰে সহায় কৰিব বুলি উল্লেখ কৰে ৰণজিৎ দাসে। ৰণজিৎ দাসে এই সম্পৰ্কত কয় যে , ‘ যাৰ নাম বাদ পৰিব শংকিত নহৈ আইনৰ ওপৰত আস্থা ৰাখক, বিজেপিৰ প্ৰতিগৰাকী সদস্যই সহায় আগবঢ়াব তেওঁলোকক। NRC প্ৰকাশৰ পিছত যাতে কোনেও বিভ্ৰান্তিৰ সৃষ্টি নকৰে তাৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হ’ব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 26, 2019, 16:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।