BJP Party Donation : আনক কয় চান্দা পাৰ্টী! বিজেপিয়ে এবছৰত চান্দা ল'লে ৭৮৬কোটি টকা।

News18 Assam | News18-Assam
Updated:June 10, 2021, 4:41 PM IST
BJP Party Donation : আনক কয় চান্দা পাৰ্টী! বিজেপিয়ে এবছৰত চান্দা ল'লে ৭৮৬কোটি টকা।
file image

কংগ্ৰেছে একে সময়তে লাভ কৰা বৰঙণিতকৈ পাঁচ গুণ অধিক চান্দা লাভ কৰিছে বিজেপিয়ে।

  • Share this:
শাসক দল ভাৰতীয় জনতা পাৰ্টীয়ে ২০১৯-২০বৰ্ষৰ সময়ছোৱাত ৭৮৬ কোটি টকাৰ দান বৰঙণি লাভ কৰিছে । এই পৰিমাণ কংগ্ৰেছে একে সময়তে লাভ কৰা বৰঙণিতকৈ পাঁচ গুণ অধিক । ভাৰতীয় জনতা পাৰ্টীয়ে ভাৰতীয় নিৰ্বাচন আয়োগক জমা দিয়া বছেৰেকীয়া বৰঙণিৰ প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে । বিজেপি তথা আন ৰাজনৈতিক দল সমূহে যোৱা ফেব্ৰুৱাৰী মাহতে এই ৰিপোৰ্ট দাখিল কৰিছিল যদিও নিৰ্বাচন আয়োগে যোৱা মংগলবাৰে ইয়াক ৰাজহুৱা কৰিছে । এই প্ৰতিবেদনত ২০ হেজাৰ আৰু তাতোকৈ ওপৰৰ চেক বা বেংক ট্ৰেন্সফাৰ (bank transfer) যোগে লাভ কৰা সকলো ধৰণৰ চান্দাৰ সবিশেষ উল্লেখ কৰিব লাগে ।

উল্লেখযোগ্য যে ৭৮৬কোটিৰ ভিতৰত ৰাজনৈতিক দলটোৱে ২১৭কোটি টকা প্ৰুডেণ্ট ইলেক্টোৰেল ট্ৰাষ্ট (Prudent Electoral Trust)ৰ পৰা লাভ কৰিছে । এই ট্ৰাষ্টক দেশৰ আগশাৰীৰ কৰ্পৰেট গোষ্ঠীয়ে পুঁজিৰ যোগান ধৰে । শাসক দলটোয়ে ইয়াৰ লগতে জনকল্যাণ নিৰ্বাচনী ট্ৰাষ্ট আৰু এবি জেনেৰেল নির্বাচনী ট্ৰাষ্টৰ পৰাও বৰঙণি লাভ কৰিছে ।

উল্লেখযোগ্য যে বিজেপি সমগ্ৰ দেশতে সবাতোকৈ ধনী ৰাজনৈতিক দল । দলটোৱে প্ৰকাশ কৰা Assets and Liabilities ৰিপোৰ্ট অধ্যয়ন কৰি Association of Democratic Right নামৰ এনজিঅ’টোৱে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০১৮-১৯বর্ষত বিজেপিৰ হাতত মজুত আছিল ২৯০০কোটি । কংগ্ৰেছ দলৰ হাতত আছে ৯২৮কোটি ।
Published by: Manjumoni Borah
First published: June 10, 2021, 4:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি