বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / দেশ / আজিৰে পৰা বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক; ২০২৪ৰ লোকসভা নিৰ্বাচন, কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ লৈ গুৰুত্বপূৰ্ণ আলোচনাৰ সম্ভাৱনা

আজিৰে পৰা বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক; ২০২৪ৰ লোকসভা নিৰ্বাচন, কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ লৈ গুৰুত্বপূৰ্ণ আলোচনাৰ সম্ভাৱনা

আজিৰে পৰা বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক; ২০২৪ৰ লোকসভা নিৰ্বাচন, কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ লৈ গুৰুত্বপূৰ্ণ আলোচনাৰ সম্ভাৱনা

জে পি নাড্ডাৰ কাৰ্যকাল বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

লক্ষ্য ২০২৪ৰ লোকসভা নিৰ্বাচন আৰু তাৰ পূৰ্বে অনুষ্ঠিত হ’ব লগীয়া কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচন ৷ এই লক্ষ্য আগত ৰাখি দিল্লীৰ NDMC সমাৰোহ কেন্দ্ৰত সোমবাৰ অৰ্থাৎ আজি বিয়লি চাৰি বজাত আৰম্ভ হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক। ইয়াৰ পূৰ্বে পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে দলটোৰ বিষয়ববীয়া বৈঠক৷ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ লগত সংগতি ৰাখি দলটোৱে এখন প্ৰদৰ্শনীৰো আয়োজন কৰিছে য’ত বিশ্বগুৰু ভাৰত, উত্তৰ-পূৰ্বাঞ্চলৰ শান্তি-সম্প্ৰীতিৰ প্ৰশাসনিক ব্যৱস্থা, যোগাসন, ত্ৰিৰঙ্গাৰ মহত্ব বিশেষকৈ ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়ত ভাৰতৰ স্বাভিমান ত্ৰিৰংগা পতাকাখনৰ আলমত চলা উদ্ধাৰকাৰ্য আদি প্ৰদৰ্শিত হ’ব। এই প্ৰদৰ্শনীৰ অন্যতম এক লক্ষ্য ‘সেৱাই সংগঠন’ নীতিক প্ৰকৃতাৰ্থত উপস্থাপন কৰা ৷ বিজেপিৰ এই ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক মঙলবাৰে বিয়লি চাৰি বজাত অন্ত পৰিব৷ কাৰ্যনিৰ্বাহকৰ অন্তৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপেক্ষিত কাৰ্যনিৰ্বাহকক মাৰ্গদৰ্শন কৰিব।

বিজ্ঞাপন

এই কাৰ্যনিৰ্বাহকতে জয় প্ৰকাশ নাড্ডাৰ সভাপতি হিচাপে কাৰ্যকাল বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ এই কাৰ্যনিৰ্বাহকত আলোচনাৰ অন্যতম কেন্দ্ৰবিন্দু বহুকেইখন ৰাজ্যত হ’ব লগীয়া বিধানসভা নিৰ্বাচন।

ফেব্ৰুৱাৰী মাহত উত্তৰ-পূবৰ তিনি ৰাজ্য ক্ৰমে ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ত হ’ব বিধানসভা নিৰ্বাচন৷ এই তিনিওখন ৰাজ্য দখলৰ বাবে পূৰ্ণ পৰ্যায়ৰ ৰণনীতি ল’ব দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্বই। কোনবোৰ ইছ্যু লৈ আগবাঢ়িব, কোনে চলাব প্ৰচাৰ পৰ্যন্ত আলোচনা হ’ব কাৰ্যনিৰ্বাহকত ৷ একেদৰে চলিত বৰ্ষতে আছে মধ্যপ্ৰদেশ, ৰাজস্থান, চট্টিশগড়, মণিপুৰ, তেলেংগনা, জন্মু-কাশ্মীৰৰো নিৰ্বাচন। এইসমূহ ৰাজ্যৰ বিধানসভা নিৰ্বাচনকেন্দ্ৰীক আলোচনাৰ লগতে গেৰুৱা দলটোৱে ২০২৪ৰ লোকসভা নিৰ্বাচনৰো এক ফলপ্ৰসু ৰূপৰেখা প্ৰস্তুত কৰিব।

দেওবাৰে দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ তাওৰেই এক সংবাদমেল সম্বোধন কৰি কাৰ্যনিৰ্বাহক বৈঠকৰ পূৰ্বাভাস ইতিমধ্যে আগবঢ়াইছে ৷ উল্লেখ্য যে এই কাৰ্যনিৰ্বাহকত ১৬২ গৰাকী কাৰ্যনিৰ্বাহক সদস্যৰ লগতে ১৮২ গৰাকী আমন্ত্ৰিত অতিথি সদস্যই অংশগ্ৰহণ কৰিব৷ এই কাৰ্যনিৰ্বাহকত ভাগ ল’বলৈ অসমৰ পৰা ইতিমধ্যেই দিল্লীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰণ সমিতিৰ সদস্য সৰ্বানন্দ সোণোৱাল, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, অসম আৰু ত্ৰিপুৰাৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, বিজয়া চক্ৰৱৰ্তী, তপন কুমাৰ গগৈ আদি। উল্লেখ্য যে, এই কাৰ্যনিৰ্বাহকৰ সদস্যসকলৰ ভিতৰত দলটোৰ শীৰ্ষ নেতৃত্বৰ লগতে অপেক্ষিত সদস্যসকলৰ ভিতৰত বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল, সকলো ৰাজ্যৰে বিজেপি সভাপতি, প্ৰাক্তন মুখ্যমন্ত্ৰীসকল, ৰাজ্যসমূহত নিয়োজিত তত্বাৱধায়ক, সহঃ তত্বাবধায়ক, সাংগঠনিক সাধাৰণ সম্পাদকসকল আদি৷

বিজ্ঞাপন

জানিব পৰা মতে, কাৰ্যনিৰ্বাহকত দলটোৰ সাংগঠনিক শক্তিৰ বাবে লোৱা বুথ শক্তিশালীকৰণ, লোকসভা প্ৰৱাস যোজনা আদিৰ বিস্তৃত ৰূপত পৰ্যালোচনা হ’ব৷ উত্তৰ-পূবৰ ২৫খন লোকসভা আসনৰ ২৫খনেই দখল কৰাৰ উদ্দেশ্যেৰে কাৰ্যনিৰ্বাহকে উত্তৰ-পূৰ্বাঞ্চলক লৈ বিশেষ প্ৰস্তাৱ লোৱাতো একপ্ৰকাৰ নিশ্চিত ৷

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন