• Home
  • »
  • News
  • »
  • nation
  • »
  • পত্নী গুচি গ’ল অন্য দললৈ...বিবাহ বিচ্ছেদৰ নটিচ পঠিয়াই কান্দোনত ভাগি পৰিল বিজেপিৰ সাংসদ

পত্নী গুচি গ’ল অন্য দললৈ...বিবাহ বিচ্ছেদৰ নটিচ পঠিয়াই কান্দোনত ভাগি পৰিল বিজেপিৰ সাংসদ

তাৎপৰ্যপূৰ্ণ যে তৃণমূল কংগ্ৰেছত যোগ দিয়েই সুজাতা মণ্ডল খানে দাবী কৰিছিল যে স্বামীয়েও হয়তো তেওঁক অনুসৰণ কৰিব পাৰে। ইয়াৰ পিছতে সৌমিত্ৰক লৈ জল্পনা–কল্পনা আৰম্ভ হয়। অৱশ্য লগে লগে সংবাদমেল সম্বোধন কৰি তেওঁ নিজৰ সিদ্ধান্ত জনাই দিয়ে।

  • Share this:
কলকাতা: স্ত্রী সুজাতা খানে তৃণমূল কংগ্ৰেছত যোগ দিয়াৰ লগে লগে তেওঁক বিবাহ বিচ্ছেদৰ নটিচ পঠিওৱাৰ সিদ্ধান্ত লয় বিজেপি সাংসদ সৌমিত্ৰ খানে। পশ্চিম বংগৰ বিষ্ণুপুৰৰ সাংসদজনে নিজে এই কথা জনায়। বিজেপি এৰি তৃণমূলত যোগদান কৰিছিল সৌমিত্ৰ খানৰ পত্নী সুজাতা মণ্ডল খানে। তাৰ পিছতে সাংবাদিক সম্বোধন কৰি এই কথা জনায় সৌমিত্ৰই। বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰি কান্দোনত ভাগি পৰে সৌমিত্ৰ। তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে সংসাৰ ভঙাৰ অভিযোগ আনে সৌমিত্ৰই। তেওঁৰ দাবী সুজাতাক ভুলকৈ বুজোৱা হৈছে।

সাংসদজনে প্ৰকাশ কৰা মতে বেছ কিছুদিনৰ পৰা সুজাতাৰ সৈতে তেওঁৰ বিবাদ চলি আছিল। তথাপিও সুজাতাই যে শেষ পর্যন্ত তৃণমূল কংগ্ৰেছত যোগ দিব সেয়া তেওঁ সপোনতো ভবা নাছিল। স্ত্ৰীৰ সিদ্ধান্তত একপ্ৰকাৰ বিধ্বস্ত সৌমিত্ৰ। সংবাদমেলত কান্দোনত ভাগি পৰি সৌমিত্ৰই জনায়, ‘যি অভিষেক বন্দ্যোপাধ্যায়ে তোমাৰ ঘৰ ভাঙিলে তাক কেনেকৈ সংগ দিছা? মই ইমানেই বেয়া নে?’ আৱেগিক সৌমিত্ৰই কয়, 'সুজাতাই খুব ডাঙৰ ভুল কৰিলে৷ আজিৰ পৰা মই তোমাক মুক্তি দিলো। অনুৰোধ কৰিছো সুজাতা মণ্ডল লিখা, খান নিলিখাবা, এইটো আমাৰ বংশৰ পৰিচয়। মই তোমাক ডিভ’ৰ্চ নটিছ পঠিয়াইছো।'

তাৎপৰ্যপূৰ্ণ যে তৃণমূল কংগ্ৰেছত যোগ দিয়েই সুজাতা মণ্ডল খানে দাবী কৰিছিল যে স্বামীয়েও হয়তো তেওঁক অনুসৰণ কৰিব পাৰে। ইয়াৰ পিছতে সৌমিত্ৰক লৈ জল্পনা–কল্পনা আৰম্ভ হয়। অৱশ্য লগে লগে সংবাদমেল সম্বোধন কৰি তেওঁ নিজৰ সিদ্ধান্ত জনাই দিয়ে।

সৌমিত্রই জনায়, তেওঁৰ সৈতে প্ৰায় তিনি মাহ ধৰি সুজাতাৰ সম্পৰ্কৰ অৱনতি ঘটিছিল। তেওঁ বিজেপিত যোগদান কৰাৰ পিছত সুজাতাৰ স্কুলৰ চাকৰিটো গুচি যায়। অৱশ্যে প্ৰতিমাহে সুজাতাৰ একাউণ্টত ৭০হাজাৰ টকা সৌমিত্ৰই পঠিওৱাৰ কথা প্ৰকাশ। সৌমিত্ৰ খানে কয় তৃণমূলে সুজাতাক ভুলকৈ কথাবোৰ বুজাই বিপথে পৰিচালিত কৰিছে।

২০১৯ লোকসভা নির্বাচনত সৌমিত্রৰ জয়ত ডাঙৰ ভূমিকা লৈছিল পত্নী সুজাতাই। আইনী জটিলতাৰ কাৰণে বিষ্ণুপুৰৰ বাহিৰত আছিল সৌমিত্ৰ। কাৰ্যত অকলেই স্বামীৰ হৈ প্ৰচাৰ কৰিছিল সুজাতাই। ইয়াৰ পিছত স্ত্ৰীৰ প্ৰতি সেই কৃতজ্ঞতাও প্ৰকাশ কৰিছিল সৌমিত্ৰই। এতিয়া নিজৰ লোকসভাৰ অন্তর্গত সাতোখন বিধানসভা আসনতে বিজেপিক জিকোৱাৰ হুংকাৰ দিছে সৌমিত্ৰই।

লগতে মুখ্যমন্ত্রী মমতা বেনাৰ্জীক উদ্দেশ্যি তেওঁৰ মন্তব্য,  'মাননীয়া মুখ্যমন্ত্রী দয়া কৰি সুজাতাক হত্যা কৰি নেপেলাব। আজিৰে পৰা তেওঁৰ সকলো নিৰাপত্তাৰ দায়িত্ব আপোনালোকৰ। তেওঁক কোনো বেয়া কামত নলগাব। তৃণমূল কংগ্ৰেছক ক’ব কাৰোবাৰ সংসাৰ ভাঙি ৰাজনীতি নহয়। দহবছৰ যাৰ লগত থাকিলো তেওঁক কাঢ়ি লৈ গ’ল। মই প্ৰত্যাহ্বান জনাইছো মোৰ সমষ্টিৰ অন্তৰ্গত সাতখন আসনৰ এখন জিকি দেখুৱাওক।’
First published: