এই মানুহবোৰে আপোনালোকৰ ঘৰত সোমাব, ভগ্নী–জীয়ৰিক বলাৎকাৰ কৰিব! CAAপ্ৰতিবাদকাৰীৰ সন্দৰ্ভত বিজেপি সাংসদৰ উদ্ভট মন্তব্য

News18 Assam | News18-Assam
Updated:January 28, 2020, 2:43 PM IST
এই মানুহবোৰে আপোনালোকৰ ঘৰত সোমাব, ভগ্নী–জীয়ৰিক বলাৎকাৰ কৰিব! CAAপ্ৰতিবাদকাৰীৰ সন্দৰ্ভত বিজেপি সাংসদৰ উদ্ভট মন্তব্য

  • Share this:
উচতনিমূলক মন্তব্য কৰাৰ যেন প্ৰতিযোগীতাহে চলিছে! বিজেপি সাংসদৰ এনে এক তীব্ৰ উচটনিমূলক মন্তব্যই এতিয়াই তোলপাৰ লগাইছে। সাংবিধানিক সকলো পদমৰ্যাদা লাঘৱ কৰি বিভেদকামী শক্তিৰ দৰে কথা কোৱা এইজন হৈছে বিজেপিৰ সাংসদ প্ৰৱেশ বাৰ্মা। শ্বাহিনবাগত হৈ থকা নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদক লৈ বাৰ্মাই এক উদ্ভট মন্তব্য কৰাই নহয় দাবী কৰিছে যে প্ৰধানমন্ত্ৰী পদত যেতিয়ালৈকে নৰেন্দ্ৰ মোদী আছে তেতিয়ালৈকেহে মানুহে সুৰক্ষিত অনুভৱ কৰি আছে, বেলেগ কোনোবা প্ৰধানমন্ত্ৰী হ’লে সেয়া সম্ভৱ হৈ নাথাকিব।

সংশোধিত নাগৰিকত্ব আইন (CAA) আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC)ৰ বিৰুদ্ধে দক্ষিণ পূৱ দিল্লীৰ শ্বাহিনবাগত বিগত এমাহৰো অধিক সময় বিক্ষোভ চলি আছে। ১৫ডিচেম্বৰত কা বিৰোধী হিংসাত্মক প্ৰতিবাদৰ পিছতে ইয়াত বিক্ষোভ চলি আছে।

‘...এঘণ্টাত শেষ হৈ যাব শ্বাহিনবাগৰ বিক্ষোভ’

পশ্চিম দিল্লীৰ বিজেপি সাংসদ প্ৰৱেশ বাৰ্মাই ৰাইজক উদ্দেশ্যি কয়, ‘এটা কথা শুনি লওক, এই নিৰ্বাচন কোনো সৰু–সুৰা নিৰ্বাচন নহয়। এয়া দেশৰ সংহতি আৰু একতাৰ নিৰ্বাচন। যদি ১১ফেব্ৰুৱাৰীত বিজেপিয়ে বহুমত লাভ কৰে তেনেহ’লে এঘণ্টাত শ্বাহিনবাগৰ এজনো প্ৰতিবাদকাৰী দেখা নাপাব। এজনো মানুহ দেখা নাপাব।’

ইয়াৰ লগতে তেওঁ বিক্ষোভকাৰীসকলৰ সন্দৰ্ভত এক আপত্তিজনক মন্তব্যও কৰে যে, তেওঁলোকে আপোনালোকৰ ঘৰত সোমাই আপোনাৰ ভগ্নী আৰু কন্যাৰ বলাৎকাৰ কৰিব।

‘চৰকাৰী মাটিত এটাও মছজিদ থাকিবলৈ নিদিওঁ’

প্ৰৱেশ বাৰ্মাই কয় যে, ‘মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যদি দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰে তেনেহ’লে ১১ ফেব্ৰুৱাৰীৰ পিছত মোক মাত্ৰ এমাহৰ সময় দিব। মোৰ লোকসভা ক্ষেত্ৰৰ চৰকাৰী মাটিত এটাও মছজিদ থাকিবলৈ নিদিওঁ। সকলো মছজিদ আঁতৰাই পেলাম। আমি দেশখনক কি বনাই পেলাইছো!’


Published by: Tulika Devi
First published: January 28, 2020, 2:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading