লোকসভাৰ প্ৰটেম অধ্যক্ষ হিচাপে নিৰ্বাচিত বিজেপি সাংসদ বীৰেন্দ্ৰ কুমাৰ

সৰুৰে পৰা আৰ এছ এছৰ সৈতে জড়িত বীৰেন্দ্ৰ কুমাৰ মধ্যে প্ৰদেশৰ টীকমগৰৰ পৰা ৬বাৰকৈ লোকসভালৈ নিৰ্বাচিত হৈছে।

news18assam
Updated:June 11, 2019, 12:49 PM IST
লোকসভাৰ প্ৰটেম অধ্যক্ষ হিচাপে নিৰ্বাচিত বিজেপি সাংসদ বীৰেন্দ্ৰ কুমাৰ
সৰুৰে পৰা আৰ এছ এছৰ সৈতে জড়িত বীৰেন্দ্ৰ কুমাৰ মধ্যে প্ৰদেশৰ টীকমগৰৰ পৰা ৬বাৰকৈ লোকসভালৈ নিৰ্বাচিত হৈছে।
news18assam
Updated: June 11, 2019, 12:49 PM IST
লোকসভাৰ প্ৰটেম অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে বিজেপি সাংসদ ডাঃ বীৰেন্দ্ৰ কুমাৰ। ইয়াৰ পূৰ্বে লোকসভাৰ প্ৰটেম অধ্যক্ষৰ বাবে বৰেলীৰ সাংসদ সন্তোষ গংগৱাৰ আৰু ছুলতানপুৰৰ সাংসদ মেনকা গান্ধীৰ নাম চৰ্চালৈ আহিছিল। বিজেপি নেতৃত্বই খাৰিজ কৰিলে দুয়োগৰাকী সাংসদৰ নাম।

সৰুৰে পৰা আৰ এছ এছৰ সৈতে জড়িত বীৰেন্দ্ৰ কুমাৰ মধ্যে প্ৰদেশৰ টীকমগৰৰ পৰা ৬বাৰকৈ লোকসভালৈ নিৰ্বাচিত হৈছে। নিজৰ সহজ–সৰল জীৱনশৈলীৰ বাবে পৰিচিত বীৰেন্দ্ৰ কুমাৰ।

১৯৫৪ চনৰ ২৭ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা কুমাৰ ১৯৯৬ চনত সাগৰ সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। তেতিয়াৰে পৰা কেতিয়াও পিছলৈ উভতি চোৱা নাই কুমাৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি