মঙলবাৰে তেলেংগানাৰ গোছামহলৰ বিজেপিৰ বিধায়ক ৰাজা সিঙক পয়গম্বৰ হজৰত মহম্মদৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে, সোমবাৰ অৰ্থাৎ ২২ আগষ্টৰ নিশা সামাজিক মাধ্যমত এটা ভিডিঅ’ আপলোড কৰা হৈছিল য’ত ৰাজা সিঙে হজৰত মহম্মদৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্য কৰিছিল। উক্ত ভিডিঅ’ প্ৰচাৰ হোৱাৰ পাছত হায়দৰাবাদত তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত হোৱা ব্যাপক প্ৰতিবাদৰ পিছতেই মঙলবাৰে ৰাজা সিঙক গ্ৰেপ্তাৰ কৰা হয়।
১০ মিনিটৰ এই ভিডিঅ’টোত বিধায়কজনে আনকি ২০ আগষ্টত হায়দৰাবাদত প্ৰদৰ্শন কৰা কৌতুক অভিনেতা মুনাৱাৰ ফাৰুকীকো ইচ্ছাকৃতভাৱে সমালোচনা কৰা দেখা গৈছে। জানিব পৰা মতে, সিঙে ফাৰুকীক হিন্দু দেৱতাসকলক অপমান কৰাৰ অভিযোগ কৰিছিল আৰু অনুষ্ঠানটো বন্ধ কৰাৰ ভাবুকিও দিছিল। প্ৰায় ৫০ গৰাকী সমৰ্থকৰ সৈতে অনুষ্ঠানস্থলীত উপস্থিত হৈ ইয়াক বাতিল কৰিবলৈ চেষ্টা কৰাৰ সময়ত তেওঁলোকক আৰক্ষীয়ে প্ৰতিৰোধমূলক জিম্মাত লৈছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে।
হায়দৰাবাদ আৰক্ষীয়ে বিজেপিৰ বিধায়ক ৰাজা সিঙক ভাৰতীয় সংবিধানৰ দণ্ডবিধি ধাৰা ২৯৫, ৫০৫ আৰু ১৫৩এ ওপৰত ভিত্তি কৰি পয়গম্বৰ হজৰত মহম্মদৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্য আৰু ধৰ্মীয় অনুভুতিক আঘাত জনোৱাৰ বাবে গ্ৰেপ্তাৰ কৰে।
হায়দৰাবাদৰ দক্ষিণ মণ্ডলৰ আৰক্ষী উপায়ুক্ত পি চাই চৈতন্যই সকলোকে চহৰখনত আইন-শৃংখলা বজাই ৰাখিবলৈ অনুৰোধ জনাইছে। লগতে তেওঁষআৰক্ষীয়ে ৰাজা সিঙৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। ইয়াৰোপৰি, হায়দৰাবাদ কমিছনাৰেটৰ অধীনৰ বিভিন্ন আৰক্ষী থানাৰ পৰা ৰাজা সিঙৰ বিৰুদ্ধে একাধিক অভিযোগ পাইছে বুলিও ডিচিপি দক্ষিণ মণ্ডলৰ পি চাই চৈতন্যই কয়।
মন কৰিবলগীয়া যে এই ঘটনাটোৰ দৰে বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মাই কেইমাহমান পূৰ্বে এক টিভি চেনেলত এনেদৰেই অপমানজনক মন্তব্য দিছিল যাৰ বাবে তেওঁক দলৰ পৰা নিলম্বন কৰা হৈছিল।
হায়দৰাবাদৰ দক্ষিণ মণ্ডলৰ আৰক্ষী উপায়ুক্ত পি চাই চৈতন্যই কয় যে ধৰ্মীয় বিশ্বাসক অপমান কৰা সম্পৰ্কীয় আইনৰ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল। বাতৰি অনুসৰি, বিধায়ক সিঙে পয়গম্বৰ হজৰত মহম্মদৰ বিষয়ে অপমানজনক মন্তব্য কৰা এটা ভিডিঅ’ মুকলি কৰাৰ পিছত সোমবাৰে নিশা মহানগৰ আৰক্ষী আয়ুক্ত চিভি আনন্দৰ কাৰ্যালয়ৰ সন্মুখত তথা হায়দৰাবাদৰ বিভিন্ন অংশত প্ৰতিবাদ আৰম্ভ হয়। প্ৰতিবাদকাৰীসকলৰ মতে সিঙে সম্প্ৰদায়টোৰ অনুভূতিক আঘাত কৰিছে আৰু সেয়ে তেওঁলোকে ৰাজা সিঙক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|