‘বোৰ্খা পিন্ধে সন্ত্ৰাসবাদীয়ে’, বোৰ্খা পিন্ধা মুছলমান মহিলাক শূপৰ্ণশাৰে তুলনা বিজেপি মন্ত্ৰীৰ

News18 Assam | News18-Assam
Updated:February 10, 2020, 3:00 PM IST
‘বোৰ্খা পিন্ধে সন্ত্ৰাসবাদীয়ে’, বোৰ্খা পিন্ধা মুছলমান মহিলাক শূপৰ্ণশাৰে তুলনা বিজেপি মন্ত্ৰীৰ
Source-Google

মন্ত্ৰীৰ মতে বোৰ্খা সংস্কৃতি আহিছে আৰৱৰ পৰা

  • Share this:
উত্তৰ প্ৰদেশৰ এগৰাকী বিজেপি মন্ত্ৰীৰ বিতৰ্কিত মন্তব্য। মুছলমান মহিলাই পৰিধান কৰা বোৰ্খাৰ সন্দৰ্ভত মন্তব্য কৰিছে যোগী আদিত্যনাথ চৰকাৰৰ মন্ত্ৰী ৰঘূৰাজ সিঙে।



বোৰ্খা পিন্ধে সন্ত্ৰাসবাদীয়ে, যাতে নিজৰ পৰিচয় গোপনে ৰাখিব পাৰে। বোৰ্খা পিন্ধা মুছলমান মহিলাক শূপৰ্ণশাৰে তুলনা কৰিলে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ‘ভাৰতবৰ্ষত বোৰ্খা নিষিদ্ধ কৰিব লাগে। যোৱা বছৰ শ্ৰীলংকাত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ পিছত দ্বীপ ৰাষ্ট্ৰখনত নিষিদ্ধ কৰা হ’ল বোৰ্খা। এই পৰম্পৰা আহিছে আৰৱৰ পৰা।’
আৰু চাওক
পৰৱৰ্তী বাতৰি