মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»BJPৰ এইজন সদস্যই ৰচিলে বিৰল অভিলেখ! নিৰ্বাচনৰ পিছতে ছচিয়েল মিডিয়াত ট্ৰেণ্ডিং

BJPৰ এইজন সদস্যই ৰচিলে বিৰল অভিলেখ! নিৰ্বাচনৰ পিছতে ছচিয়েল মিডিয়াত ট্ৰেণ্ডিং

News18 Assam | News18-Assam
Updated:October 12, 2021, 9:01 PM IST
BJPৰ এইজন সদস্যই ৰচিলে বিৰল অভিলেখ! নিৰ্বাচনৰ পিছতে ছচিয়েল মিডিয়াত ট্ৰেণ্ডিং
D Karthik, BJP, Tamilnadu

তামিলনাডু (Tamilnadu) এইজন বিজেপি সদস্যই সদ্যসমাপ্ত পোৰসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু আপুনি জানি আচৰিত হ'ব যে ডি কাৰ্তিকে লাভ কৰিছে মাত্ৰ এটা ভোট।

  • Share this:
নিৰ্বাচনত এজন প্ৰাৰ্থীয়ে কিমান ভোট পাব পাৰে। কোনে কিমান ভোটত জয়ী হৈছে, কোন কিমান ভোটত পৰাজিত হৈছে তাৰ লেখ-জোখ লোৱাটো নিৰ্বাচনৰ নিয়মেই। পিছে এজন প্ৰাৰ্থীয়ে যিমান ভোট পালে তাৰ পিছত এতিয়া দেশজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে এই লোকজন।

এইজন বিজেপিৰ সদস্যৰ নাম ডি কাৰ্তিক। তামিলনাডু (Tamilnadu) এইজন বিজেপি সদস্যই সদ্যসমাপ্ত পোৰসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু আপুনি জানি আচৰিত হ'ব যে ডি কাৰ্তিকে লাভ কৰিছে মাত্ৰ এটা ভোট। এই খবৰ বনজুইৰ দৰে ছচিয়েল মিডিয়াত বিয়পি পৰিছে। #Single_Vote_BJP ট্ৰেণ্ডিং হৈ আছে টুইটাৰত।

আমোদজনক কথাটো ইয়াতেই শেষ হোৱা নাই। ডি কাৰ্তিকে (D Karthik) নিৰ্বাচনত ৱাৰ্ড মেম্বাৰৰ পদত প্ৰতিদ্বন্দ্বিতা কৰিছিল কোইম্বাতোৰ (Coimbatore) জিলাৰ পেৰিয়ানাইকেনপালায়াম (Periyanaickenpalayam) ৱাৰ্ডৰ পৰা। এই ৱাৰ্ডৰ এজনক বাদ দি আন কোনেও ভোট নিদিলে কাৰ্তিকক। কাৰ্তিকৰ পৰিয়ালতে আছিল ৫জন ভোটাৰ। কিন্তু কাৰ্তিকে ভোট পালে মাত্ৰ এটা। অৰ্থাত নিজৰ ভোটটোৰ বাহিৰে ৱাৰ্ডত এটাও ভোট নাপালে বিজেপিৰ এইজন সদস্য ডি কাৰ্তিকে। ইয়াৰ পিছতে ভাইৰেল পৰিছে ডি কাৰ্তিকৰ ফটো।

কাৰ্তিকে তেওঁৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে মুকলি কৰা পোষ্টাৰবোৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু তেওঁৰ নিজৰ লগতে আন সাতজন নেতাৰ ফটো থকাৰ পিছতো কিন্তু তেওঁ মাত্ৰ এটা ভোট লাভ কৰিলে।



অৱশ্যে কাৰ্তিকে এইটো স্পষ্ট কৰি দিয়ে যে তেওঁ বিজেপিৰ প্ৰতীকত নহয় গাড়ীৰ প্ৰতীকত নিৰ্দলীয় হিচাপেহে নিৰ্বাচন খেলিছিল।
Published by: Manjumoni Borah
First published: October 12, 2021, 8:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি