ঝাৰখণ্ডত উচন বিজেপি,পৰাজয়ৰ দিশে মুখ্যমন্ত্ৰী ৰঘূবৰ দাস আৰু ৬জনকৈ কেবিনেট মন্ত্ৰী

News18 Assam | News18-Assam
Updated:December 23, 2019, 5:34 PM IST
ঝাৰখণ্ডত উচন বিজেপি,পৰাজয়ৰ দিশে মুখ্যমন্ত্ৰী ৰঘূবৰ দাস আৰু ৬জনকৈ কেবিনেট মন্ত্ৰী
আচ্ছে দিন এতিয়াও আছেনে বিজেপিৰ? হেৰুৱাইছে ইখনৰ পিছত সিখন ৰাজ্যত শাসন

আচ্ছে দিন এতিয়াও আছেনে বিজেপিৰ? হেৰুৱাইছে ইখনৰ পিছত সিখন ৰাজ্যত শাসন

  • Share this:
ঝাৰখণ্ডত মুখথেকেচা বিজেপিৰ। ৰাজ্যখনত চৰকাৰ গঠনৰ দিশে কংগ্ৰেছ–JMM মিত্ৰজোঁট। মহাৰাষ্ট্ৰৰ পিছত এইবাৰ বিজেপিৰ হাতৰ পৰা ওলাই গ’ল ঝাৰখণ্ড। নিৰ্বাচনত  এতিয়া পৰাজয়ৰ দিশে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ৰঘূবৰ দাসৰ লগতে ৬জনকৈ কেবিনেট মন্ত্ৰী। 



৮১ জনীয়া ঝাৰখণ্ড বিধানসভাৰ মাত্ৰ ২৬ খন আসনত বিজেপিয়ে অগ্ৰগতি লাভ কৰি আছে যদিও, ইয়াৰ ভিতৰত প্ৰায় ৯ খন আসন হ্ৰাস পোৱাৰ সম্ভাৱনা আছে বুলি সমীক্ষাত প্ৰকাশ পাইছে। তাৰ বিপৰীতে কংগ্ৰেছ আৰু JMM দলৰ মিত্ৰজোঁটে এতিয়ালৈকে ৪৫ খন আসনত অগ্ৰগতি লৈ নিশ্চিত বিজয়ৰ দিশলৈ গতি কৰিছে। সেইদৰে RJD এ এখন আসনত অগ্ৰগতি লাভ কৰিছে।

Source-Google


উল্লেখযোগ্য যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি দ্বিতীয়বাৰলৈ শাসনৰ গাদীত বহা ভাৰতীয় জনতা পাৰ্টীয়ে এতিয়া হেৰুৱাইছে ইখনৰ পিছত সিখন ৰাজ্য। ২০১৯ চনতে বিজেপি ক্ষমতা চ্যুত হয় তিনিখন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ আৰু শেহতীয়াকৈ ঝাৰখণ্ডৰত। সেইদৰে পৰাস্ত হয়  উৰিষ্যাতো। কোনো মতে আঞ্চলিকতাবাদী শক্তিৰ হাতত ধৰি চৰকাৰৰ অংশীদাৰ হৈ আছে ছিকিম আৰু হাৰিয়ানাত। ২০১৯ চনত হোৱা ৰাজ্যৰ বিধানসভা নিৰ্বাচন সমূহৰ ভিতৰত কেৱল অৰুণাচলতহে বিজেপিয়ে একক সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে।

২০২০ৰ আৰম্ভণিতে দিল্লীত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। দিল্লী নিৰ্বাচন উপলক্ষে দেওবাৰে ৰামলীলা মৈদানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী ৰণশিঙা বজায়। কিন্তু বিভিন্ন সমীক্ষাত প্ৰকাশ পাইছে যে, অৰবিন্দ কোজৰিৱালৰ চৰকাৰে ইতিমধ্যে বিভিন্ন জনকল্যাণ মূলক আচঁনি দিল্লীত ৰূপায়ন কৰিবলৈ সক্ষম হৈছে। গতিকে আগন্তুক দিল্লীৰ নিৰ্বাচনত বিজেপিয়ে আম আদমী পাৰ্টীক পৰাস্ত কৰাতো সহজ নহ’ব বুলি বিভিন্ন মহলত চৰ্চা চলিছে। দিল্লীৰ পিছতে পশ্চিম বংগত হ’ব বিধানসভা নিৰ্বাচন।
Published by: Himangshu Bhuyan
First published: December 23, 2019, 5:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading