• Home
  • »
  • News
  • »
  • nation
  • »
  • Bihar Elections 2020: নীতিশ নহয়, বিহাৰত গ্ৰেণ্ডমাষ্টাৰ বিজেপি, একক বৃহত্তম দল হ’বলৈ গৈ আছে গেৰুৱা ব্ৰিগেড!

Bihar Elections 2020: নীতিশ নহয়, বিহাৰত গ্ৰেণ্ডমাষ্টাৰ বিজেপি, একক বৃহত্তম দল হ’বলৈ গৈ আছে গেৰুৱা ব্ৰিগেড!

অৱশ্যে পৰ্যবেক্ষকসকলৰ মতে ৭৩খন আসনত ব্যৱধান ১০০০ৰো কম। গতিকে এতিয়াই একো ক’ব পৰা নাযায়।

অৱশ্যে পৰ্যবেক্ষকসকলৰ মতে ৭৩খন আসনত ব্যৱধান ১০০০ৰো কম। গতিকে এতিয়াই একো ক’ব পৰা নাযায়।

অৱশ্যে পৰ্যবেক্ষকসকলৰ মতে ৭৩খন আসনত ব্যৱধান ১০০০ৰো কম। গতিকে এতিয়াই একো ক’ব পৰা নাযায়।

  • Share this:
পাটনাঃ প্ৰত্যাৱৰ্তনৰ ইংগিত। বিহাৰত ভোটগণনা এইপৰ্যন্ত যি হৈছে তাৰ পৰা ক’ব পৰা যায় যে বৃহত্তম শক্তিৰ দাবীদাৰ হোৱাৰ দিশত আগবাঢ়িছে বিজেপি। এনডিএ জোঁট তথা নীতিশৰ দল একপ্ৰকাৰ ম্লান। ইয়াৰ মাজতে যুঁজিছে আৰজেডিয়ে। সংখ্যাগৰিষ্ঠতা কোনে লাভ কৰিব সেয়া এতিয়াই সম্পূৰ্ণ স্পষ্ট নহয় যদিও একক দল হিচাপে বিজেপি আগে আগে গৈ আছে।

বিহাৰত মুঠ যুঁজ চলিছে ২৪৩খন আসনত। চৰকাৰ গঢ়াৰ মেজিক অংক ১২২। যিসকলে এইসংখ্যক আসন আগত দখল কৰিব পাৰিব বিহাৰৰ মচনদ তেওঁলোকেই দখল কৰিব পাৰিব। শেষ আপডেট অনুসৰি এনডিএ জোঁট ১২৪খন আসনত আগবাঢ়ি আছে। এইখিনি ৰাখি দিব পাৰিছে আসনত চতুৰ্থবাৰলৈ বহিব নীতিশ কুমাৰ। এই বাজীমাতত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বিজেপিয়ে।

অৱশ্যে পৰ্যবেক্ষকসকলৰ মতে ৭৩খন আসনত ব্যৱধান ১০০০ৰো কম। গতিকে এতিয়াই একো ক’ব পৰা নাযায়।

জোঁট হিচাপে এনডিএ  আগত থাকিলেও সর্ববৃহৎ দল হোৱাৰ যুঁজত আগে আগে গৈছে বিজেপি। আসনৰ তালিকাত তিনি নম্বৰলৈ নামিব পাৰে নীতিশ কুমাৰৰ জেডিইউ৷

ভোটৰ ফলাফলৰ এই ট্রেণ্ড দেখি বহুতৰ মনত প্ৰশ্ন উঠিছে জেডিইউতকৈ বিজেপিয়ে বেছি আসন পালে কি শেষ পৰ্যন্ত নীতিশক আকৌ মুখ্যমন্ত্ৰী কৰা হ’বনে? বিজেপি-ৰ সর্বভাৰতীয় সম্পাদক অৰুণ সিঙে অৱশ্যে দাবী কৰিছে, জেডিইউৰ আসনৰ সংখ্যা যিয়ে নহওক কিয় এনডিএ ক্ষমতালৈ আহিলে আকৌ মুখ্যমন্ত্ৰী হ’ব নীতিশ কুমাৰেই।

ৰাজনৈতিক বিশ্লেষকৰ মতে, জেডিইউ–এ যিসমূহ আসনত যুঁজিছে সেই আসনসমূহত প্ৰাৰ্থী দিছে চিৰাগ পাচোৱানৰ এলজেপিয়ে। তাৰ উপৰিও নীতিশৰ বিৰুদ্ধে আছিল প্ৰতিষ্ঠানবিৰোধী ঢৌ। সম্ভৱতঃ সেই কাৰণে ইমান কঠিন যুঁজৰ মুখামুখি হৈছে নীতিশৰ দল। ফলত নৰেন্দ্ৰ মোদীৰ ওপৰতে ভৰসা কৰি এইবাৰলৈ নীতিশৰ নাওখন পাৰ লাগিব বুলি ধাৰণা কৰা হৈছে।
First published: