কোনো কাৰণত ক্ষমা নোখোজো মমতা বেনাৰ্জীক, জেলৰ পৰা মুকলি হৈয়ে বিজেপি নেত্ৰীৰ বিস্ফোৰণ !

পশ্চিমবংগত ক্ৰমাত তীব্ৰতৰ হৈছে বিজেপি আৰু তৃণমুল কংগ্ৰেছৰ মাজৰ ৰাজনৈতিক যুদ্ধ । দুয়োটা দলৰ নেতাৰ মাজত চলিছে তীব্ৰ ৰাজনৈতিক বাকযুদ্ধ ।

News18-Assam
Updated:May 15, 2019, 7:06 PM IST
কোনো কাৰণত ক্ষমা নোখোজো মমতা বেনাৰ্জীক, জেলৰ পৰা মুকলি হৈয়ে বিজেপি নেত্ৰীৰ বিস্ফোৰণ !
পশ্চিমবংগত ক্ৰমাত তীব্ৰতৰ হৈছে বিজেপি আৰু তৃণমুল কংগ্ৰেছৰ মাজৰ ৰাজনৈতিক যুদ্ধ । দুয়োটা দলৰ নেতাৰ মাজত চলিছে তীব্ৰ ৰাজনৈতিক বাকযুদ্ধ ।
News18-Assam
Updated: May 15, 2019, 7:06 PM IST
পশ্চিমবংগত ক্ৰমাত তীব্ৰতৰ হৈছে বিজেপি আৰু তৃণমুল কংগ্ৰেছৰ মাজৰ ৰাজনৈতিক যুদ্ধ । দুয়োটা দলৰ নেতাৰ মাজত চলিছে তীব্ৰ ৰাজনৈতিক বাকযুদ্ধ । পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ফটো বিকৃত কৰি গ্ৰেপ্তাৰ হোৱা পশ্চিমবংগৰ বিজেপি নেত্ৰী প্ৰিয়ংকা শৰ্মাই মমতা বেনাৰ্জীক উদ্দেশ্যি কৰিছে তীৰ্যক মন্তব্য ।

বিজেপিৰ নেত্ৰী প্ৰিয়ংকা শৰ্মাই মমতা বেনাৰ্জীৰ ফটো বিকৃত কৰি ছচিয়েল মিডিয়াত আপলোড কৰা ঘটনাক কেন্দ্ৰ কৰি অধিক অৱনতি ঘটিছে দ’ল দুটাৰ মাজৰ সম্পৰ্কত । বিজেপি নেত্ৰীগৰাকীয়ে কৰা কাণ্ডক  তৃণমুল কংগ্ৰেছৰ কৰ্মীয়ে ধিক্কাৰ দিয়াৰ লগতে বিজেপি নেত্ৰী গৰাকীক ক্ষমা খোজাৰ দাবী জনাইছিল । তাৰ প্ৰত্যুত্তৰত বুধবাৰে মমতা বেনাৰ্জীক ক্ষমা খোজাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে বুলি মন্তব্য কৰে বৰ্তমান জামিনত থকা বিজেপিৰ নেত্ৰীগৰাকীয়ে ।

জেলৰ পৰা মুক্ত হৈয়ে এতিয়া প্ৰিয়ংকা শৰ্মাই তীব্ৰ সমালোচনা কৰিছে মমতা বেনাৰ্জীক ।অমিত শ্বাহৰ ৰোড শ্ৱ’ত সংঘটিত হোৱা ঘটনাৰ বাবে ওলোতাই মমতা বেনাৰ্জীকহে ক্ষমা খোজাৰ দাবী জনালে পশ্চিমবংগ বিজেপিৰ মহিলা মৰ্চাৰ নেত্ৰীগৰাকীয়ে ।

উল্লেখযোগ্য যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ফটো বিকৃত কৰি ৰাজ্যখনৰ হাওৰা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল বিজেপি নেত্ৰী প্ৰিয়ংকা শৰ্মা । এই গ্ৰেপ্তাৰৰ বিৰুদ্ধে  প্ৰিয়ংকা শৰ্মা এতিয়া উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ।
আৰু চাওক পৰৱৰ্তী বাতৰি