‘এনেকুৱা ছোৱালীবোৰ খেতিৰ মাজতে পোৱা যায়’, হাথৰছৰ নিৰ্যাতিতাক লৈ চূড়ান্ত অশালীন মন্তব্য বিজেপি নেতাৰ

News18 Assam | News18-Assam
Updated:October 7, 2020, 11:16 AM IST
‘এনেকুৱা ছোৱালীবোৰ খেতিৰ মাজতে পোৱা যায়’, হাথৰছৰ নিৰ্যাতিতাক লৈ চূড়ান্ত অশালীন মন্তব্য বিজেপি নেতাৰ
বিজেপি নেতা ৰঞ্জিত বাহাদুৰ শ্রীবাস্তৱৰ অভব্য মন্তব্যক লৈ তোলপাৰ দেশ। তাৎপৰ্যপূৰ্ণ যে এইজন বিজেপি নেতাৰ বিৰুদ্ধে চলিছে ৪৪টা অপৰাধৰ গোচৰ।

বিজেপি নেতা ৰঞ্জিত বাহাদুৰ শ্রীবাস্তৱৰ অভব্য মন্তব্যক লৈ তোলপাৰ দেশ। তাৎপৰ্যপূৰ্ণ যে এইজন বিজেপি নেতাৰ বিৰুদ্ধে চলিছে ৪৪টা অপৰাধৰ গোচৰ।

  • Share this:
লক্ষ্ণৌঃ সমগ্ৰ দেশে হাথৰাছ কাণ্ডৰ ন্যায় বিচৰাৰ সময়তে এটাৰ পিছত আন এটা উদ্ভট মন্তব্য আৰু কাণ্ড কৰিছে স্থানীয় একাংশ ৰাজনৈতিক প্ৰভাৱশালী ব্যক্তিয়ে। এইসকল ক্ষমতাশালীয়ে প্ৰমাণ কৰিছে দেশত এতিয়াও লিংগভিত্তিক সমতা, সংবেদনশীলতাৰ অতিপাত অভাৱ।

উত্তৰ প্ৰদেশৰ বাৰাবাংকি অঞ্চলৰ এজন বিজেপি নেতাৰ দাবী হাথৰাছৰ চাৰি অভিযুক্তৰ কোনো দোষেই নাই, সকলো দোষ নিৰ্যাতিতাৰহে।

কোন এই বিজেপি নেতা? তেওঁৰ নাম ৰঞ্জিত বাহাদুৰ শ্রীবাস্তৱ। ৪৪টা অপৰাধৰ গোচৰ চলিছে তেওঁৰ নামত। তেওঁ হেনো লক্ষ্য কৰিছে হাথৰাছ কাণ্ডৰ মূল অভিযুক্তৰ সৈতে ‘কি সম্পৰ্ক’ আছিল নিৰ্যাতিতাৰ।

ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিওত এই বিজেপি নেতাক কোৱা শুনা গৈছে,  "নিশ্চয়কৈ তেওঁলোকৰ সৈতে ছোৱালীজনীৰ সম্পৰ্ক আছিল। ছোৱালীজনীয়েই মাতি নিছিল।" ছচিয়েল মিডিয়াত এই খবৰ ইতিমধ্যে ওলাইছে বুলিও তেওঁ দাবী কৰে।




ইমানেই নহয়। তেওঁৰ সংযোজন, "এনেকুৱা ছোৱালীবোৰৰ এই গতিয়েই হয়। কোনোবা খেতিপথাৰত মৃতদেহ ওলায়।" বিজেপি নেতাই সগর্বে কয় এইটো হেনো সম্মান ৰক্ষার্থে হত্যা বা অনাৰ কিলিং।

তেওঁৰ যুক্তি, অভিযুক্তসকলৰ অবিলম্বে মুক্তি দিব লাগে। তেওঁ কয়, "মই গেৰেণ্টী দি কৈছো তেওঁলোক নিৰ্দোষ। সময় মতে মুক্তি নাপালে তেওঁলোক মানসিক নিৰ্যাতনৰ চিকাৰ হ’ব। চৰকাৰে তেতিয়া তেওঁলোকক ক্ষতিপূৰণ দিবতো?"

শ্রীবাস্তৱৰ এই আজৱ কথাবার্তা এতিয়া ভাইৰেল হৈ পৰিছে। মহিলা কমিচনৰ চেয়াৰমেন ৰেখা শর্মাই খঙত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে এই অসুস্থ মানসিকতাৰ ব্যক্তিজনক অতি শীঘ্ৰে নটিচ পঠিওৱা হ’ব।"

প্রসঙ্গক্ৰমে মঙলবাৰে হাথৰাছ কাণ্ডক ভয়ংকৰ তথা মৰ্মান্তিক আখ্যা দিছে ছুপ্ৰীম ক’ৰ্টেও। সাক্ষীসকলৰ লগতে মৃত যুৱতীগৰাকীৰ পৰিয়ালৰ কাৰণে নিৰাপত্তাৰ কি ব্যৱস্থা লোৱা গৈছে সেয়া আঠ অক্টোবৰৰ ভিতৰত উত্তৰ প্ৰদেশ চৰকাৰক জনাবলৈ কোৱা হৈছে। মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ বোবডেই কয়, আমি কোনো কাৰণত হাথৰাছৰ ঘটনাৰ পৰা দৃষ্টি আঁতৰোৱা নাই।
First published: October 7, 2020, 11:16 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading