• Home
  • »
  • News
  • »
  • nation
  • »
  • 38 Trinamool MLAs : তৃণমূল কংগ্ৰেছত ফাট ! ৩৮জন বিধায়ক বিজেপিৰ সংস্পৰ্শত থকাৰ দাবী ‘ডিস্ক’ ডেঞ্চাৰ’ মিথুন চক্ৰৱৰ্তীৰ 

38 Trinamool MLAs : তৃণমূল কংগ্ৰেছত ফাট ! ৩৮জন বিধায়ক বিজেপিৰ সংস্পৰ্শত থকাৰ দাবী ‘ডিস্ক’ ডেঞ্চাৰ’ মিথুন চক্ৰৱৰ্তীৰ 

যিকোনো সময়ত মহাৰাষ্ট্ৰৰ দৰে চৰকাৰৰ পৰিৱৰ্তন ঘটিব পাৰে পশ্চিম বংগত– মিথুন চক্ৰৱৰ্তী

যিকোনো সময়ত মহাৰাষ্ট্ৰৰ দৰে চৰকাৰৰ পৰিৱৰ্তন ঘটিব পাৰে পশ্চিম বংগত– মিথুন চক্ৰৱৰ্তী

যিকোনো সময়ত মহাৰাষ্ট্ৰৰ দৰে চৰকাৰৰ পৰিৱৰ্তন ঘটিব পাৰে পশ্চিম বংগত– মিথুন চক্ৰৱৰ্তী

  • Share this:
৮০ৰ দশকত অভিনয় আৰু নৃত্যৰে সহস্ৰ জনক মন্ত্ৰমুগ্ধ কৰা মিথুন চক্ৰৱৰ্তী এতিয়া শাসকীয় ভাৰতীয় জনতা পাৰ্টীৰ নেতা। আজি কলকাতাত এখন সংবাদ মেল সম্বোধন কৰি চক্ৰৱৰ্তীয়ে সৰ্বমুঠ ৩৮জন তৃণমূল কংগ্ৰেছৰ বিধায়ক বিজেপিৰ সংস্পৰ্শত থকাৰ দাবী উত্থাপন কৰে। তেওঁ সংবাদ কৰ্মীসকলক উদ্দেশ্যি কয়- “আহক আপোনালোকক এটা ব্ৰেকিং নিউজ দিওঁ; টিএমচিৰ ৩৮জন বিধায়ক আমাৰ লগত আছে; তাৰে ২১জন মোৰ সৈতে প্রত্যক্ষ যোগাযোগত আছে।''

মিথুন চক্ৰৱৰ্তীয়ে ( BJP leader Mithun Chakraborty) অতি সম্প্রতি গ্ৰেপ্তাৰ হোৱা পার্থ চট্টোপাধ্যায়ৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে। তেওঁ কয়- “যিসকলৰ বিৰুদ্ধে একো প্ৰমাণ নাই তেওঁলোক শান্তিৰে শুব পাৰে; কিন্তু যদি কিবা প্ৰমাণ আছে তেন্তে তেনে লোকক কোনেও ৰক্ষা কৰিব নোৱাৰে। দেশৰ প্ৰধানমন্ত্ৰীও আইনৰ ঊৰ্ধ্বত নহয় বুলি মন্তব্য কৰে আশীৰ দশকৰ অভিনেতাগৰাকীয়ে ।





উল্লেখযোগ্য যে টিএমচি শাসিত পশ্চিমবংগৰ শিক্ষা মন্ত্ৰী পার্থ চট্টোপাধ্যায় চৰকাৰী স্কুলত শিক্ষকৰ  নিযুক্তি কেলেংকাৰি অভিযোগত গ্ৰেপ্তাৰ হৈ বৰ্তমান ন্যায়িক জিম্মাত।

ইফালে তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভা সাংসদ শান্তনু সেনে মিথুনৰ এই অভিযোগ খণ্ডন কৰিছে । অভিনেতাগৰাকী কিছুদিন চিকিৎসাধীন হৈ আছিল; গতিকে তেওঁ মানসিক স্থিৰতা হেৰুৱাই এনে মন্তব্য কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে সেনে।
Published by:Gautam Barman
First published: