বিজেপি নেতা তথা অধিবক্তা অশ্বিনী উপাধ্যায়ে মিজোৰাম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, অৰুণাচল প্ৰদেশ, লক্ষদ্বীপ, জম্মু আৰু কাশ্মীৰ আৰু পাঞ্জাৱত বসবাস কৰি থকা হিন্দু সকলৰ কাৰণে সংখ্যালঘুৰ মৰ্যদা বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰিলে লেখ আবেদন । আজি মুখ্য ন্যায়াধীশ ডি এন পেটেলৰে গঠিত খণ্ড বিচাৰপীঠে আবেদনৰ শুনানি গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰে জাননী । অহা মে মাহৰ ৪ তাৰিখে অনুষ্ঠিত হ’ব পৰৱৰ্তী শুনানি ।
আবেদনকাৰী অশ্বিনী উপাধ্যায়ৰ মতে এই ৰাজ্য সমূহত হিন্দু সকল জন গণনাৰ দিশৰ পৰা সংখ্যালঘু হোৱাৰ পাছতো তেওঁলোক সংখ্যালঘুৰ কাৰণে ধাৰ্য চৰকাৰী সা-সুবিধাৰ পৰা সদায় বঞ্চিত হৈ আহিছে আৰু সেই সুবিধা সমূহ ৰাজ্য সমূহৰ সংখ্যাগুৰু সমূদায়ে গ্ৰহণ কৰি আছে ।
উল্লেখযোগ্য যে ১৭ মে ১৯৯৩ চনত সমগ্ৰ ভাৰততে (জম্মু আৰু কাশ্মীৰৰ বাদে) The National Minority Commission Act 1992 প্ৰযোজ্য হৈছিল । আৰু কেন্দ্ৰীয় চৰকাৰে সেই আইনৰ অধীনত ১৯৯৩ চনৰ অক্টোবৰৰ ২৩ তাৰিখে এখন ৰাজপত্ৰিত জাননী জাৰি কৰি দেশত মুছলিম, খ্ৰীষ্টান, বৌদ্ধ ধৰ্মাৱলম্বী আৰু পাৰ্ছী ধৰ্মাৱলম্বী লোকক সংখ্যালঘুৰ মৰ্যদা প্ৰদান কৰিছিল । কিন্তু ২০১১ চনৰ লোকপিয়ল অনুসৰি এই কেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত হিন্দু সংখ্যালঘু । আইন খনৰ দফা ২ (C) ৰ যোগেদি হিন্দু সকলক সংখ্যালঘুৰ মৰ্যদা প্ৰদান কৰা হোৱা নাই । সেয়ে বিজেপি নেতা জনৰ যুক্তি এই ৰাজ্যৰ হিন্দু সকল সংবিধানৰ অনুচ্ছেদ ২৫ৰ পৰা ৩০ এ প্ৰদান কৰা অধিকাৰৰ পৰা বঞ্চিত হৈছে ।
Published by: Tulika Devi
FIRST PUBLISHED : February 28, 2020, 13:42 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|