এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে হিন্দু ধৰ্মাৱলম্বীসকলক লৈ কৰা তাচ্ছিল্যসূচক মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে উত্তৰপ্ৰদেশৰ বেগুচৰাইৰ সাংসদ গিৰিৰাজ সিং। বিজেপিৰ সাংসদগৰাকীয়ে আজমলৰ মন্তব্যৰ বিৰুদ্ধে নিজৰ ক্ষোভ প্ৰকাশ কৰি কয়- ''১৯৪৭ চনতে মুছলমান পাকিস্তানলৈ গুচি যোৱা হ'লে ভাৰতত আজি এনে পৰিস্থিতি নহ'ল হয়। ইমান জনসংখ্যাও বৃদ্ধি নহ'লহেঁতেন। ওৱেচি আৰু আজমলে পাকিস্তানত গৈ সনাতন ধৰ্মক গালি পাৰকগৈ। ইয়াত তেওঁলোকে হিন্দু ধৰ্মাৱলম্বী আৰু হিন্দু মহিলাৰ ওপৰত কথা কোৱাৰ কোনো অধিকাৰ নাই।''
আনহাতে, ভাৰতত মুছলমান জনসংখ্যা বৃদ্ধিয়ে যথেষ্ট ক্ষতি কৰিছে বুলি মন্তব্য কৰি গিৰিৰাজে কয়, ভাৰতত চীনৰ দৰে কঠোৰ জনসংখ্যা আইন আনিব লাগে। চীনে জনসংখ্যা নিয়ন্ত্ৰণৰ জৰিয়তে আৰ্থিক দিশত বহু দূৰ আগুৱাই গৈছে।
উল্লেখ্য যে জনপ্ৰিয় নেতা কানহাইয়া কুমাৰক অভিলেখসংখ্যক ভোটত পৰাজিত কৰি লোকসভালৈ নিৰ্বাচিত হৈছিল বিজেপিৰ সাংসদ গিৰিৰাজ সিং।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|