কিয় কৰা নহ’ল মহাত্মা গান্ধীৰ মৰনোত্তৰ পৰীক্ষা? তোলপাৰ দেশৰ ৰাজনীতি

News18 Assam | News18-Assam
Updated:February 3, 2020, 12:59 PM IST
কিয় কৰা নহ’ল মহাত্মা গান্ধীৰ মৰনোত্তৰ পৰীক্ষা? তোলপাৰ দেশৰ ৰাজনীতি
News18ৰ এজেণ্ডা দিল্লী অনুষ্ঠানত কৰা এই প্ৰশ্নক লৈ তোলপাৰ দেশৰ ৰাজনীতি

News18ৰ এজেণ্ডা দিল্লী অনুষ্ঠানত কৰা এই প্ৰশ্নক লৈ তোলপাৰ দেশৰ ৰাজনীতি

  • Share this:
১৯৪৮ চনৰ ৩০ জানুৱাৰী তাৰিখে বিৰলা হাউচত নাথুৰাম গডছেই গুলীয়াই হত্যা কৰিছিল মহাত্মা গান্ধীক। গান্ধীজী প্ৰাৰ্থনা সভাত ভাগ ল’বলৈ গৈ থকা অৱস্থাতে সংঘটিত হৈছিল এই ঘটনা। গডছেৰ লগতে মুঠ আঠজনৰ বিৰুদ্ধে গান্ধীজীক হত্যা কৰাৰ অভিযোগ। লালকিল্লাৰ আদালতে গডছেৰ লগতে অন আঠজনক মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল। ৰাষ্ট্ৰীয় অভলেখগাৰৰ মতে, পৰিয়ালৰ ইচ্ছাতে গান্ধীজীৰ মৰনোত্তৰ পৰীক্ষা কৰা হোৱা নাছিল । কিন্তু এই প্ৰসংগ এতিয়া আকৌ চৰ্চালৈ আহিছে।

News18ৰ ‘এজেণ্ডা দিল্লী’ শীৰ্ষক অনুষ্ঠানত উপস্থিত আছিল বিজেপিৰ মুখপাত্ৰ সুধাংশু ত্ৰিৱেদী, কংগ্ৰেছৰ মুখপাত্ৰ গৌৰৱ বল্লভ আৰু আম আদমী পাৰ্টীৰ প্ৰৱক্তা সৌৰভ ভৰদ্বাজ। অনুষ্ঠানত কংগ্ৰেছ নেতাক উদ্দেশ্যি বিজেপি নেতাগৰাকীৰ প্ৰশ্ন– কিয় কৰা নহ’ল মহাত্মা গান্ধীৰ মৰনোত্তৰ পৰীক্ষা?

এগৰাকী বিজেপি নেতাই মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা স্বাধীনতা আন্দোলনক ‘ড্ৰামা’ আখ্যা দিয়াক সমালোচনা কৰিছিল কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে। আৰু তেতিয়াই বিজেপি নেতা জনে কংগ্ৰেছ নেতাজনক উদ্দেশ্যি প্ৰশ্ন কৰে মহাত্মা গান্ধীৰ মৰনোত্তৰ পৰীক্ষাৰ সন্দৰ্ভত।
আৰু চাওক
পৰৱৰ্তী বাতৰি