‘কা’ৰ জৰিয়তে ১কোটি ১৩লাখ হিন্দু বাংলাদেশীয়ে পাব নাগৰিকত্ব! টুইটাৰত বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰই কি ক’লে?

News18 Assam | News18-Assam
Updated:January 11, 2020, 8:42 PM IST
‘কা’ৰ জৰিয়তে ১কোটি ১৩লাখ হিন্দু বাংলাদেশীয়ে পাব নাগৰিকত্ব! টুইটাৰত বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰই কি ক’লে?
Source-Google

মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ‘কা’ৰ জৰিয়তে খুব বেছি অসমত ৪ৰ পৰা ৫লাখ হিন্দু বাংলাদেশী লোকে নাগৰিকত্ব পাব বুলি দাবী কৰিছিল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দাবী কৰিছিল নতুনকৈ এজনো বাংলাদেশী নাহে।

  • Share this:
অসমৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক অনৰ্থক আৰু অপপ্ৰচাৰৰ ভাণ্ডাৰ আখ্যা দি আহিছে বিজেপিয়ে। অসমীয়া জাতিৰ অস্তিত্ব কোনো কাৰণতে বিপন্ন নহয় বুলি দাবী কৰি আহিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ‘কা’ৰ জৰিয়তে অসমত খুব বেছি ৪ৰ পৰা ৫লাখ হিন্দু বাংলাদেশীয়ে ভাৰতীয় নাগৰিকত্ব পাব আৰু নতুনকৈ কোনো বিদেশী নাহে বুলি হিমন্ত বিশ্ব শৰ্মাই দল–সংগঠনসমূহক প্ৰত্যাহ্বান জনালেও স্বয়ং বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰই দিছে অন্য এক তথ্য। বিজেপি নেতা অমিত মালব্যই টুইটাৰত তুলি ধৰিছে ঢাকা বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তা আব্দুল বৰকতে আগবঢ়োৱা এক ভয়ংকৰ তথ্য। এই তথ্য অনুসৰি ১৯৬৪চনৰ পৰা ২০১৩চনলৈকে পূৱ পাকিস্তান/বাংলাদেশৰ পৰা মুঠ ১কোটি ১৩লাখ হিন্দু বাংলাদেশী ভাৰতলৈ আহিছে। ধৰ্মীয় নিৰ্যাতন আৰু শোষণৰ কাৰণে এই বৃহৎ সংখ্যক বাংলাদেশী নাগৰিক ভাৰতলৈ অহাৰ তথ্য প্ৰকাশ কৰিছে বাংলাদেশী প্ৰবক্তাই। এই তথ্য অনুসৰি মুক্তিযুদ্ধৰ পূৰ্বে প্ৰতি দিনে গড়ে এই অবৈধ প্ৰব্ৰজনৰ হাৰ আছিল ৭০৫জন, আনহাতে ১৯৭১–১৯৮১চনলৈ এই হাৰ আছিল ৫১২জন আৰু ১৯৮১ৰ পৰা ১৯৯১লৈ এই হাৰ আছিল ৪৩৮জন। তাৎপৰ্যপূৰ্ণভাৱে ১৯৯১ৰ পৰা ২০০১চনলৈ এই সংখ্যা বৃদ্ধি পাই ৭৬৭জনলৈ। তদুপৰি প্ৰৱক্তাগৰাকীৰ মতে ২০০১ৰ পৰা ২০১২চনলৈ প্ৰতি দিনে ৭৭৪জন লোকে ভাৰতলৈ প্ৰব্ৰজন কৰিছে। বাংলাদেশী প্ৰৱক্তাগৰাকীয়ে আশংকা কৰে যে এই হাৰত বাংলাদেশৰ পৰা হিন্দু বাংলাদেশীৰ প্ৰব্ৰজন ঘটি থাকিলে ২০৫০চনত দেশখনত এজনো হিন্দু নাথাকিবগৈ।

যোৱা ২০নৱেম্বৰত ঢাকা ট্ৰিবিউনত প্ৰকাশ পোৱা বাংলাদেশী প্ৰবক্তাজনৰ এই লেখা আপলোড কৰি বিজেপিৰ ৰাষ্ট্ৰী নেতা অমিত মালব্যই লিখিছে, অৱশেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পূৱ পাকিস্তান (বৰ্তমান বাংলাদেশ)ৰ পৰা ধৰ্মীয় নিৰ্যাতন আৰু অত্যাচাৰৰ বলি হৈ পলাই অহা হিন্দু বাঙালীসকলৰ সমৰ্থনত থিয় দিছে। মমতা বেনাৰ্জীয়ে কিয় ‘কা’ৰ বিৰোধ কৰি আছে, কোনোবাই ধৰিব পাৰিছেনে?



প্ৰাক্তন বিজেপি নেতা জগদীশ ভূঞাই অমিত মালব্যৰ এই টুইটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক উদ্দেশ্যি পোণপটীয়া প্ৰশ্ন কৰিছে যে আপুনি কৈ আছে বাংলাদেশৰ পৰা অসমলৈ এজনো নাহে কিন্তু এয়া বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰই তুলি ধৰা তথ্য। কোনটো তথ্য শুদ্ধ? অসমৰ আন্দোলন যুক্তিসংগত বুলি প্ৰমাণ হোৱা নাই নে?


Published by: Tulika Devi
First published: January 11, 2020, 8:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading