• Home
  • »
  • News
  • »
  • nation
  • »
  • RJDৰ বিস্ফোৰক অভিযোগ, জিকিছে ১১৯ খন আসনত, কিন্তু দেখুৱাইছে ১০৯ খন, জয়ী প্ৰাৰ্থীক দিয়া নাই প্ৰমাণপত্ৰ

RJDৰ বিস্ফোৰক অভিযোগ, জিকিছে ১১৯ খন আসনত, কিন্তু দেখুৱাইছে ১০৯ খন, জয়ী প্ৰাৰ্থীক দিয়া নাই প্ৰমাণপত্ৰ

প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে  বিহাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা।

প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে  বিহাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা।

প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে  বিহাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা।

  • Share this:
প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে  বিহাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা। ফলাফললৈ চাই এটা কথা স্পষ্ট হৈছে যে, পুনৰ এনডিএৰ নেতৃত্বতে বিহাৰত গঠন হ’ব চৰকাৰ। তাৰ মাজতে তেজস্বী যাদৱৰ দল RJDৰ বিস্ফোৰক অভিযোগ। দলটোৱে অভিযোগ কৰা মতে, বৰ্তমানলৈকে ১১৯ খন আসনত মহাজোঁট বন্ধনে জয়লাভ কৰিছে যদিও দেখুওৱা হৈছে ১০৯ খন আসনত জয়লাভ কৰা। সেইদৰে আৰ জে ডিৰ জয়ী হোৱা প্ৰাৰ্থীক প্ৰদান কৰা নাই কোনো ধৰণৰ প্ৰমাণ পত্ৰ।



তেওঁলোকে এই ক্ষেত্ৰত নাম লৈছে মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু সুশীল মোদীৰ। চৰকাৰৰ নিৰ্দেশতে কৰা হৈছে এনে কাম-কাজ। এতিয়া এই অভিযোগৰ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ দৃষ্টি গোচৰ কৰিব বিচাৰিছে আৰ জে ডিয়ে। এই অভিযোগৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে। আনকি প্ৰতিবাদতো বহিছে RJDৰ  নেতা সমৰ্থক।



RJDৰ ফালৰ পৰা অভিযোগ কৰা হৈছে যে, নিৰ্বাচনত জয়ী হোৱা তেওঁলোকৰ বহু প্ৰাৰ্থীক পুনৰ পৰাজয় ঘোষণা কৰা হৈছে। আনহাতে সেই সমষ্টিসমূহত বিজেপিৰ প্ৰাৰ্থীক জয়ী ঘোষণা কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছে। অভিযোগ অনুসৰি নীতিশ কুমাৰ,সুশীল মোদীকে ধৰি এন দিৰ একাংশ শীৰ্ষ নেতা কেইবাঘণ্টা ধৰি বৈঠকত মিলিত হৈছে। আৰু ইয়াৰ পৰাই নিৰ্বাচন আয়োগক হেঁচা প্ৰয়োগ কৰা হৈছে।

কিন্তু এইবোৰ অভিযোগ নসাত্‍ কৰিছে দেশৰ নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগে সংবাদমেলৰ জৰিয়তে কৈছে যে, তেওঁলোকে কোনো ধৰণৰ বা কাৰোৰে হেঁচাত কাম নকৰে।
Published by:Himangshu Bhuyan
First published: