
Source-Google
বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি ল’লে ছোনীয়া গান্ধীয়ে
কংগ্ৰেছ দলৰ অধ্যক্ষ ছোনীয়া গান্ধীয়ে বৃহস্পতিবাৰে বিজেপিৰ বিৰুদ্ধে উত্থাপিত কৰিছে গুৰুতৰ অভিযোগ। ছোনীয়া গান্ধীয়ে কয় যে, ‘কোৰোণা ভাইৰাছৰ ভয়াৱহতাৰ সময়তো বিজেপিয়ে দেশত বিয়পাইছে সাম্প্ৰদায়িকতা আৰু ঘৃণাৰ ৰাজনীতি।’
বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি গান্ধীয়ে কয় যে, ‘মই আপোনালোকক ক’ব খোজো যে, এতিয়া দেশৰ প্ৰতিজন নাগৰিক চিন্তিত। এনেসময়ত আমি সকলোৱে একেলগে কোৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়। কিন্তু এতিয়াও বিজেপিয়ে সাম্প্ৰদায়িকতা আৰু ঘৃণাৰ ৰাজনীতি কৰিছে। যি আমাৰ দেশৰ বাবেই বিপদজনক। এতিয়া এই লোকচানৰ পৰা দেশক উদ্ধাৰ কৰিবলৈ আমাৰ দলে বহু কষ্ট কৰিব লাগিব।’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|