• Home
  • »
  • News
  • »
  • nation
  • »
  • দক্ষিণতো এইবাৰ গেৰুৱা বতাহ! হায়দৰাবাদৰ পৌৰনিগম দখলৰ যুদ্ধত বিজেপিৰ অগ্ৰগতি

দক্ষিণতো এইবাৰ গেৰুৱা বতাহ! হায়দৰাবাদৰ পৌৰনিগম দখলৰ যুদ্ধত বিজেপিৰ অগ্ৰগতি

Source-Google

Source-Google

জি এই এম চিত আছে মুঠ ১৫০টা ৱাৰ্ড। ২০১৬ চনৰ নিৰ্বাচনত মাত্ৰ ৪টা ৱাৰ্ডত জয়লাভ কৰিছিল বিজেপিয়ে।

  • Share this:
তেলেংগানাটো এইবাৰ বিজেপিৰ ঢৌ! গ্ৰেটাৰ হায়দৰাবাদ মিউনিচিপাল কৰ্পোৰেছন বা GHMCৰ নিৰ্বাচনৰ ভোট গণনাৰ প্ৰাথমিক ফলাফলে যেন তাৰেই ইংগিত দিছে। দক্ষিণ ভাৰতৰ ৰাজ্য নিজৰ দখললৈ আনিবলৈ এতিয়া সৰ্বশক্তি প্ৰয়োগ কৰিছে বিজেপিয়ে। প্ৰচাৰত অংশ লৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহসহ বিজেপৰ একাধিক শীৰ্ষ নেতা। ভোটগণনাৰ প্ৰাথমিক ফলাফলৰ ইংগিত, পৌৰসভা এইবাৰ টিআৰএছৰ হাতৰ পৰা দখল কৰিব বিজেপিয়ে।

GHMCত আছে মুঠ ১৫০টা ৱাৰ্ড। ২০১৬ চনত মাত্ৰ ৪টা ৱাৰ্ড দখল কৰিছিল বিজেপিয়ে। ৯৯টা ৱাৰ্ডত জয়ী হৈছিল তেলেংগানা ৰাষ্ট্ৰ সমিতি বা টিআৰএছ। কিন্তু এইবাৰ সলনি হৈছে দৃশ্যপট। ভোট গণনাৰ প্ৰথম কেইঘণ্টাতে কমেও ৭০ খন আসনত আগবাঢ়িছে গেৰুৱা দল বিজেপি। টিআৰএছ আগবাঢ়িছে মাত্ৰ ২১ খন আসনত।

হায়দৰাবাদৰ এই নিৰ্বাচনক সন্মানৰ যুঁজ হিচাপে লৈছিল বিজেপিয়ে। তেলেংগানা বিধানসভাত বিজেপিৰ মাত্ৰ দুজন বিধায়ক আছে। পৌৰ নিৰ্বাচনত ভাল ফল লাভ কৰাৰ অৰ্থ কেৱল তেলেংগানা নহয়, ইয়াৰ জৰিয়তে দক্ষিণৰ অন্যান্য ৰাজ্যতো নিজকে শক্তিশালী হিচাপে তুলি ধৰাৰ চেষ্টা কৰিব বিজেপিয়ে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি