সংগঠনৰ শক্তিত বিশ্বাসী বিজেপিয়ে অব্যাহত ৰাখিছে ব্যাপক সাংগঠনিক তৎপৰতা ৷ দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় বিষয়ববীয়া বৈঠকত বহুকেইটা কৰ্মসূচী হাতত লৈছে গেৰুৱা দলটোৱে ৷ এফালে গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনক লৈ প্ৰকাশিত EXIT POLLক লৈ উৎসাহৰ বতৰা আৰু আনফালে দিল্লী পৌৰসভাত বিফলতা ৷
ইয়াৰ মাজতে সন্মুখত থকা ত্ৰিপুৰা, কৰ্ণাটক, ৰাজস্থান মধ্যপ্ৰদেশ, চট্টিশগড় বিধানসভা দখলৰ বাবে ৰণকৌশল প্ৰস্তুত কৰিছে গেৰুৱা দল বিজেপিয়ে ৷ দলটোৱে দুদিনীয়াকৈ আয়োজন কৰা ৰাষ্ট্ৰীয় বিষয়ববীয়া বৈঠক অনুষ্ঠিত কৰি আগন্তুক বিধানসভা নিৰ্বাচনসমূহৰ লগতে ২০২৪ৰ নিৰ্বাচনৰ বাবে হাতত লৈছে বহুকেইটা কৰ্মসূচী ৷
কৰ্মসূচী ১ঃ 'পৃষ্ঠা প্ৰমুখ' ৷ এই কৰ্মসূচী অনুযায়ী দলটোৱে নিজৰ সাংগঠনিক শক্তি বৃদ্ধিৰ লগতে ভোটাৰৰে সম্পৰ্ক অধিক সুদৃঢ় কৰিবৰ বাবে নিযুক্তি দিব প্ৰতিটো ভোটাৰ তালিকা পৃষ্ঠাৰ বিপৰীতে একোজন পৃষ্ঠা প্ৰমুখ ৷ প্ৰত্যেক ভোটাৰ তালিকা পৃষ্ঠাৰ বিপৰীতে নিযুক্তি দিয়া পৃষ্ঠা প্ৰমুখ গৰাকীয়ে ভোটাৰ সকলৰ সৈতে ৰাখিব লাগিব সু-সম্পৰ্ক ৷
কৰ্মসূচী ২ঃ 'অপনা বুথ সবসে মজবুত', বিজেপিয়ে বুথ শক্তিক কিমান প্ৰাধান্য দিয়ে সেয়া ইতিমধ্যে খানাপাৰাত হোৱা বহুকেইখন বুথ সন্মিলনেই তাৰ দৃষ্টান্ত ৷ দিল্লীত হৈ যোৱা বৈঠকত প্ৰত্যেকখন ৰাজ্যৰ সভাপতি, সাংগঠনিক সাধাৰণ সম্পাদক আৰু প্ৰভাৰীসকলক দলীয় নেতৃত্বই পুনৰ দিছে 'মোৰ বুথ সকলোতকৈ মজবুত' মন্ত্ৰেৰে বুথ শক্তিশালী কৰাৰ নিৰ্দেশ ৷ অসমত বিজেপিৰ আছে প্ৰায় ২৮০০০বুথ ৷ এই ২৮০০০ বুথক অধিক শক্তিশালী কৰিবলৈ ৰাষ্ট্ৰীয় নেতৃত্বই দিছে নিৰ্দেশনা ৷ প্ৰত্যেক ৫টা বুথক লৈ গঠন কৰা শক্তিকেন্দ্ৰসমূহকো শক্তিশালী কৰাৰ নিৰ্দেশনা নেতৃত্বৰ ৷
পৃষ্ঠা প্ৰমুখ নিযুক্তি, বুথ শক্তিশালী কৰাৰ লগতে 'সশক্ত মণ্ডল' অৰ্থাৎ কৰ্মসূচী ৩ঃ শক্তিশালী মণ্ডল ৷ বিজেপিয়ে সদায়েই প্ৰাধান্য দিয়া সংগঠনৰ অন্যতম শক্তি মণ্ডলসমূহ ৷ অসমত বিজেপিৰ আছে ৪৯৯টা মণ্ডল ৷ এই মণ্ডলসমূহক অধিক শক্তিশালী কৰাৰ নিৰ্দেশ দিছে ৰাষ্ট্ৰীয় নেতৃত্বই ৷ ইয়াৰোপৰি প্ৰত্যেক ৰাজ্যিক নেতৃত্বই শীঘ্ৰেই অনুষ্ঠিত কৰিব লাগিব ৰাজ্যিক কাৰ্যনিৰ্বাহক ৷
কৰ্মসূচী ৪ঃ এমাহৰ ভিতৰত কাৰ্যনিৰ্বাহক ৷ লগতে দিল্লীত হোৱা দুদিনীয়া বৈঠকে গুৰুত্ব দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান আৰু G20 সমাৰোহকো ৷
কৰ্মসূচী ৫ঃ ঘৰ সম্পৰ্ক অভিযান ৷ হয়, এই কৰ্মসূচী অনুযায়ী বিজেপি নেতৃত্ব যাৱ ঘৰে ঘৰে ৷ পূৰ্বতকৈও অধিক শক্তিশালী ৰূপত সমাজৰ ভিন্ন নেতৃস্থানীয় ব্যক্তিৰ লগতে বিজেপি কাষ চাপিব অন্তোদ্যয় অৰ্থাত্ সমাজৰ শেষৰজন ব্যক্তিৰো ৷
ইয়াৰোপৰি বিজেপিয়ে হাতত লৈছে একমাত্ৰ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কৰ্মসূচী ৬ঃ লোকসভা প্ৰৱাস ৷ এই কৰ্মসূচী মতে, সাংসদ মন্ত্ৰী বিধায়ক ৰাষ্ট্ৰীয় নেতা সকলোৱে ভাগ ল'ব লাগিব লোকসভা প্ৰৱাসত ৷ এটা লোকসভা সমষ্টিত নৈশ যাপন কৰাৰ লগতে বিভিন্ন হিতাধিকাৰী,নেতৃ স্থানীয় লোকৰ কাষ চাপিব বিজেপি ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|