• Home
  • »
  • News
  • »
  • nation
  • »
  • Rajya Sabha | গেৰুৱা বাহিনীৰ বৃহৎ সফলতা, ৰাজ্য সভাত চেঞ্চুৰী অতিক্ৰম বিজেপিৰ

Rajya Sabha | গেৰুৱা বাহিনীৰ বৃহৎ সফলতা, ৰাজ্য সভাত চেঞ্চুৰী অতিক্ৰম বিজেপিৰ

বৰ্তমান NDAৰ হাতত আছে ৰাজ্যসভাৰ ১২০খন আসন। য'ত বিজেপিৰ আছে নিজাকৈ ১০০ জন প্ৰতিনিধি, UPAৰ আছে ৪৭জন, য'ত কংগ্ৰেছৰ নিজা আসনৰ সংখ্যা ২৯খন, ইফালে অন্যান্য দলসমূহৰ হাতত আছে ৭০খন আসন।

বৰ্তমান NDAৰ হাতত আছে ৰাজ্যসভাৰ ১২০খন আসন। য'ত বিজেপিৰ আছে নিজাকৈ ১০০ জন প্ৰতিনিধি, UPAৰ আছে ৪৭জন, য'ত কংগ্ৰেছৰ নিজা আসনৰ সংখ্যা ২৯খন, ইফালে অন্যান্য দলসমূহৰ হাতত আছে ৭০খন আসন।

বৰ্তমান NDAৰ হাতত আছে ৰাজ্যসভাৰ ১২০খন আসন। য'ত বিজেপিৰ আছে নিজাকৈ ১০০ জন প্ৰতিনিধি, UPAৰ আছে ৪৭জন, য'ত কংগ্ৰেছৰ নিজা আসনৰ সংখ্যা ২৯খন, ইফালে অন্যান্য দলসমূহৰ হাতত আছে ৭০খন আসন।

  • Share this:
১৯৮৮ চনৰ কথা, কংগ্ৰেছে ১০০ৰ ওপৰত লাভ কৰিছিল ৰাজ্যসভাত আসন। এইবাৰ বিজেপি। বৃহস্পতিবাৰে নিশা অসম, ত্ৰিপুৰা, নাগালেণ্ডৰ ৰাজ্যসভা নিৰ্বাচনৰ পিছত বিজেপিৰ হাতত ৰাজ্যসভাৰ সংখ্যা হ'লগৈ ১০০। গেৰুৱা দল বিজেপিৰ মিত্ৰ দল UPPLয়েও প্ৰথম বাৰৰ বাবে লাভ কৰিলে ৰাজ্যসভাৰ এখন আসন।

দুপৰনিশা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰিলে এইধৰণে- "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰাৰ উদ্দেশ্যে অসমে লাভ কৰিলে ৰাজ্য সভাৰ দুখন আসন। য'ত পবিত্ৰ মাৰ্ঘেৰিটাই ১১টা ভোটত জয়লাভ কৰাৰ বিপৰীতে ৰণগৌৰা নাৰ্জাৰীয়ে ৯টাত লাভ কৰিলে জয়। দুয়োগৰাকী প্ৰাৰ্থীলৈ মোৰ শুভকামনা।"

আগষ্ট মাহত অনুষ্ঠিত হ’ব উপ–ৰাষ্ট্ৰপতিৰ নিৰ্বাচন। বিজেপিয়ে চেঞ্চুৰী আসন লাভ কৰাৰ লগে লগেই বিৰোধী দলসমূহৰ উপ–ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাতো এক প্ৰকাৰৰ অলীক কল্পনা। বিজেপিৰ এই সফলতাৰ বিপৰীতে বৃহস্পতিবাৰে শূন্য হ'ল উত্তৰ–পূৰ্বাঞ্চলৰ পৰা ৰাজ্যসভাত কংগ্ৰেছৰ আসন।

উল্লেখ্য যে, অসমৰ দুখন আসনত আৰু ত্ৰিপুৰাৰ এখন আসনত বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল নিৰ্বাচন। ইয়াৰ বিপৰীতে নাগালেণ্ডত এছ ফাংনন্ কন্যাক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ল ৰাজ্যসভালৈ।

উল্লেখনীয় যে, এছ ফাংনন্ কন্যাকে প্ৰথমবাৰলৈ নাগালেণ্ডৰ পৰা এগৰাকী মহিলা সাংসদ হিচাপে ল'ব শপত। ইয়াৰ মাজতে ক'ব পাৰি যে, ২ এপ্ৰিলত সমাপ্ত হ’ব ৰিপুণ বৰা আৰু ৰাণী নৰহৰ ৬ বছৰীয়া কাৰ্যকাল।

আনহাতে,শেহতীয়াকৈ পঞ্জাবত বৃহৎ সফলতা লাভ কৰা আম আদমী পাৰ্টিৰ এতিয়া ৰাজ্যসভাত আসন হ'লগৈ ৮খন। পঞ্জাবত শেহতীয়াকৈ ৫খন আসনত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ৫টাতে জয়ী হ'ল আম আদমী পাৰ্টী।

ইফালে, বৰ্তমান NDAৰ হাতত আছে ৰাজ্যসভাৰ ১২০খন আসন। য'ত বিজেপিৰ আছে নিজাকৈ ১০০ জন প্ৰতিনিধি, UPAৰ আছে ৪৭জন, য'ত কংগ্ৰেছৰ নিজা আসনৰ সংখ্যা ২৯খন, ইফালে অন্যান্য দলসমূহৰ হাতত আছে ৭০খন আসন।

১৯৮৮ চনৰ পাছত কোনোবা এটা ৰাজনৈতিক দলে ১০০ সংখ্যা লাভ কৰাতো এই সময়ত ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা চৰ্চাৰ বিষয় হৈ পৰিছে। অসমৰ পৰা এতিয়া অগপৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, বিজেপিৰ কেন্দ্ৰীয় কেবিনট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ভুৱনেশ্বৰ কলিতা, কামাখ্যা প্ৰসাদ তাছাই ৰাজ্যসভাত অসমক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে বৃহস্পতিবাৰে ৰাজ্যসভাৰ নিৰ্বাচনত ৪৬টা ভোট লাভ কৰি বিজেপিৰ পৰা অসমক প্ৰতিনিধিত্ব কৰিব পবিত্ৰ মাৰ্ঘেৰিটাই।

UPPLৰ পৰা ৰণগৌৰা নাৰ্জাৰীয়ে প্ৰথমবাৰ প্ৰতিনিধিত্ব কৰি  ৰাজ্যসভাত অন্তৰ্ভুক্ত কৰিলে UPPLৰ নাম। অসম সংগ্ৰামী মঞ্চৰ পৰা প্ৰতিনিধিত্ব কৰি আছে অজিত কুমাৰ ভূঞাই। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যসভা নিৰ্বাচনৰ ফলাফলে  সংগঠনৰ ওপৰত অধিক বিশ্বাস কৰা গেৰুৱা শিবিৰৰ উৎসাহযে দুগুণে বৃদ্ধি কৰিব সেয়া এক প্ৰকাৰ নিশ্চিত।
Published by:Sanjay Kumar Das
First published: